African swine fever in Fever : মাজুলীৰ এখন গাঁৱক কন্টেইনমেন্ট জ’ন ঘোষণা

author img

By

Published : Jan 5, 2022, 9:09 PM IST

African swine fever in Fever

দ্বীপ জিলা মাজুলীত আফ্ৰিকান ছোৱাইনফ্লুৰ আতংক (Panic over African Swine Fever in Majuli) । মাজুলী কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত মহৰিচুক গাঁৱত আফ্ৰিকান ছোৱাইনফ্লু (African Swine Fever) মূল কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে । গুৱাহাটী পশু চিকিৎসা বিভাগে এক নিৰ্দেশনাযোগে সদৰী কৰিছে এই ভয়ংকৰ তথ্য ৷

মাজুলী, 5 জানুৱাৰী : মাজুলী মহৰিচুক গাঁৱত গাহৰি অস্বাভাৱিক মৃত্যুত চিন্তি হৈ পৰিছে গাহৰি পালকসকল । মাজুলীৰ পশু চিকিৎসা বিভাগে মৃত্যু হোৱা গাহৰিৰ নমুনা প্ৰেৰণ কৰিছিল গুৱাহাটীলৈ ৷ সেই নমুনা ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ (African Swine Fever) । অসমৰ ৰাজ্যপালৰ এক নিৰ্দেশ অনুসৰি মহৰিচুক গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা মাজুলী জিলা প্ৰশাসনে (Containment Zone declared by Majuli District Administration) ।

মহৰিচুক গাঁৱৰ পৰা ১০ কিঃমিঃ ভিতৰত সকলো ধৰণ গাহৰি বেচা-কিনা, গাহৰি খাদ্য সম্পূৰ্ণ ৰূপে বন্ধ কৰা লগতে মাজুলী জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধৰা । মঙলবাৰে নিশা এই নিৰ্দেশনা পোৱা পাচতে তৎপৰতাৰে জিলা প্ৰশাসন আৰু মাজুলী পশু চিকিৎসা বিভাগে গাঁওখনত আৰম্ভ কৰিছে জৰীপ চলোৱাৰ এক ব্যৱস্থা ৷ লগতে এই সন্দৰ্ভত সকলোকে সজাগ হ’বলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে ।

মাজুলীৰ এখন গাঁৱক কন্টেইনমেন্ট জ’ন ঘোষণা

আনহাতে, গুৱাহাটীৰ পৰা পশু চিকিৎসকৰ এটা দল ৰাওনা হৈছে মাজুলীলৈ । স্থানীয় ৰাইজৰ অভিযোগ, গাহৰিক ভেকচিন প্ৰদান কৰা বাবেই গাহৰি অস্বাভাৱিক মৃত্যু হৈছে । ভেকচিন দিয়া সকলো গাহৰি ইতিমধ্যে মৃত্যু মুখত পৰিছে । মহৰিচুক গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰ আক্ৰান্ত গাহৰিসমূহ অসুখত পৰাৰ লগে লগে পশু পালক মূৰত সৰগ ভাগি পৰিছে । গাঁওখনৰ লোকসকলে বিভিন্ন বেংকৰ পৰা ঋণ লৈ গাহৰি ক্ৰয় কৰি মূৰে কপালে হাত দিব লগীয়া অৱস্থা হৈছে গাহৰি পালকসকলৰ ।

উল্লেখ্য যে, মাজুলীৰ জিলা উপায়ুক্ত গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগক আফ্ৰিকান ছোৱাইনফ্লুৰ সংক্ৰমণ হোৱা মহৰিচুকত চেনিটাইজ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে । লগতে মাজুলীৰ জিলাত গাহৰি মাংস সম্পূৰ্ণ বন্ধ কৰিছে জিলা প্ৰশাসনে ৷ আনকি অন্য জিলালৈ গাহৰি আমদানি আৰু ৰপ্তানি বন্ধ কৰাৰ এক নিৰ্দেশনা জাৰি কৰিছে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক : Omicron case in Assam : সোণাপুৰত সন্ধান পোৱা গ'ল মেঘালয়ত চিনাক্ত হোৱা অ'মিক্ৰণ আক্ৰান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.