ETV Bharat / state

মাজুলীত তুংগত ৰাসৰ প্ৰস্তুতি

author img

By

Published : Nov 19, 2020, 7:56 PM IST

rash preparation in majuli assam etv bharat news
মাজুলীত তুংগত ৰাসৰ প্ৰস্তুতি

মাজুলীত চলিছে ৰাসৰ প্ৰস্তুতি ৷ কোভিড প্ৰট’কল মানি চলিয়েই ৰাজ্যৰ ভিন্ন প্ৰান্তত এইবাৰ অনুষ্ঠিত হ’ব ৰাস ৷

মাজুলী,19 নৱেম্বৰ: ৰাসলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ৰাস উদযাপনৰ প্ৰস্তুতি ৷ কোভিড প্ৰট’কল মানি চলিয়েই ৰাজ্যৰ ভিন্ন প্ৰান্তত এইবাৰ অনুষ্ঠিত হ’ব ৰাস ৷ মাজুলীতো চলিছে ৰাসৰ প্ৰস্তুতি ৷ যুৱ সমন্বয় কৃষ্টি সংঘ মাজুলীয়ে ক'ভিড 19 ৰ বাবে চৰকাৰ আৰু প্ৰশাসনে বান্ধি সকলো নীতি-নিয়ম মানি তিনিদিনীয়া কাৰ্যসূচীৰে 29, 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত কৃষ্ণৰ ৰাস লীলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’ব ৰাস

এই ৰাস লীলা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰ অৰ্থাৎ দৰিয়াডুবিৰ পাৰত ৰাসৰ অস্থায়ী মঞ্চৰ লাইখুঁটা স্থাপন কৰা হয় ৷ এই লাইখুঁটা স্থাপন কৰে শ্ৰীঔৱা সত্ৰৰ সত্ৰাধিকাৰে ৷ মাজুলীৰ ৰাস আয়োজক সমিতিয়ে কোভিড প্ৰট’কল মানি ৰাইজৰ ‌উপস্থিতি কামনা কৰিছে ৷

লগতে চাওকঃ কেন্দ্ৰীয় অনুসূচীত জাতিত তালিকাভুক্ত কৰাৰ দাবী বিষ্ণুপ্ৰিয়া মণিপুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.