ETV Bharat / state

Ali Aye Ligang 2023: মাজুলীৰ মিচিং গাঁৱত আলি আই লৃগাঙক আদৰাৰ প্ৰস্তুতি

author img

By

Published : Feb 8, 2023, 3:25 PM IST

Mising community welcoming Ali Aye Ligang
মাজুলীত আলি আই লৃগাঙক আদৰাৰ প্ৰস্তুতি

মাজুলীৰ হাতিমুৰীয়া মিচিং গাঁৱত আলি আই লৃগাঙৰ পূৰ্ণ প্ৰস্তুতি (Mising community welcoming Ali Aye Ligang) ৷ ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হ’ব আলি আয়ে লৃগাং ৷ গোমৰাগ নৃত্যৰে মুখৰিত হৈ পৰিছে মাজুলীৰ হাতীমুৰীয়া মিচিংগাঁও ৷

মাজুলীত আলি আই লৃগাঙক আদৰাৰ প্ৰস্তুতি

মাজুলী, 8 ফেব্ৰুৱাৰী : সমাগত আলি আই লৃগাং উৎসৱ ৷ এয়া হ’ল অসমৰ মিচিং বা মিৰি জনজাতিৰ আদৰৰ বসন্ত উৎসৱ ৷ প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয় এই আলি আই লৃগাং উৎসৱটি ৷ সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো মিচিং জনগোষ্ঠীয় লোকসকলে পালন কৰে এই উৎসৱ (Ali Ai Ligang celebration at Majuli ) ৷ মিচিং ঐনিতমৰ সুৰত মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মিচিং গাওঁবোৰ ৷ মাজুলীতো বিৰাজ কৰিছে একেই পৰিৱেশে ৷ মিচিং ঐনিতমৰ সুৰৰ তালত এপাক কঁকাল ঘূৰাই নাচি আদৰৰ আলি আই লৃগাং উৎসৱটিক আদৰিবলৈ সাজু হৈ উঠিছে আবাল-বৃদ্ধ-বণিতাৰ লগতে কনেং আৰু কাংকানসকল ( Ali Aye Ligang 2023 )৷

আলি আয়ে লৃগাঙ উদযাপনৰ দিন চমু চাপি অহাৰ লগে লগে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে মাজুলীৰ মিচিং অধ্যুষিত অঞ্চল সমূহত (Ali Aye Ligang of Mising community) । আলি আয়ে লৃগাং মিছিং সকলৰ এক কৃষি ভিত্তিক উৎসৱ । এই "আলি আয়ে লৃগাং" মিচিং সকলে পালন কৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে । কাৰণ মিচিং সম্প্ৰদায়ৰ লোকসকলে বুধবাৰৰ দিনটো পৱিত্ৰ দিন হিচাপে বিশ্বাস কৰে । সেই বাবেই পৰম্পৰাগতভাৱে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং লোকসকলে পালন কৰি আহিছে আলি আই লৃগাং উৎসৱ ।

ফাগুন মাহ কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ । আলি আয়ে লৃগাংৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি । আলি মানে হ’ল মূল বা কাণ্ড, আয়ে মানে হ’ল ফল বা গুটি আৰু লৃগাং মানে হ’ল সিঁচিবলৈ আৰম্ভ কৰা । এই মিচিং সম্প্ৰদায়ৰ লোক সকলৰ মূল খেতি হ’ল ধান ,মাহ, সৰিয়হ, আলু ইত্যাদি । কৃষিভিত্তিক এই আলি আয়ে লৃগাংক লৈ পূৰ্ণ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে মাজুলীৰ হাতিমুৰীয়া মিচিং গাঁৱৰ লোকসকলে । অহা ফাগুনৰ প্ৰথমটো বুধবাৰে হাতিমুৰীয়া মিচিং গাঁৱৰ লোকসকলে পালন কৰিব আলি আয়ে লৃগাং ৷

যাৰ বাবে গাঁওখনৰ প্ৰতিঘৰ লোক একত্ৰিত হৈ পৰম্পৰাগতভাৱে আলি আয়ে লৃগাংৰ লাই খুঁটা স্থাপন কৰে । আলি আয়ে লৃগাংৰ লাই খুটা স্থাপন কৰি গাঁওখনৰ জীয়ৰী বোৱাৰী সকলো মিলি সমজুৱাকৈ গোমৰাগ নৃত্য প্ৰদৰ্শন কৰে (Mising community welcoming Ali Aye Ligang) । উল্লেখ্য যে, লৃগাঙৰ দিনাৰে পৰাই মিচিং লোক সকলে আৰম্ভ কৰে কৃষিকাৰ্য ৷

লগতে পঢ়ক : CBI arrested CM daughter's EX Auditor: গ্ৰেপ্তাৰ হ’ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কন্যাৰ প্ৰাক্তন একাউণ্টেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.