ETV Bharat / state

ৰাস পূৰ্ণিমালৈ সাজু মাজুলীৰ ৫৬ টা ৰংঘৰ আৰু ১২ খন সত্ৰ

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 1:12 PM IST

ৰাস পূৰ্ণিমাৰ বাবে সাজু মাজুলীৰ ৫৬ টা ৰংঘৰ আৰু ১২ খন সত্ৰ ৷ অক, বক, কেশী, পুতনা, কংসক বধিবলৈ সাজু মাজুলীৰ শিশু ৷ বান-বাৰিষাৰ দুখ-দুৰ্দশা পাহৰি এতিয়া সকলো ব্যস্ত শাৰদীয় ৰাস উৎসৱ উদযাপন কৰিবলৈ ৷ গকুল-মথুৰা বৃন্দাবনলৈ পৰ্যৱেশিত মাজুলী পৰিৱেশ ৷ বাঁহীৰ মধুৰ গুঞ্জনেৰে মুখৰিত হ’ব মাজুলীৰ আকাশ-বতাহ ৷

Majuli youth preparation for upcoming Raas Mahotsav
ৰাস পূৰ্ণিমাৰ বাবে সাজু মাজুলী

ৰাস পূৰ্ণিমাৰ বাবে সাজু মাজুলী

মাজুলী, ২৪ নৱেম্বৰ : ৰাস উৎসৱৰ মূৰ্চনাত বিলিন সত্ৰপীঠ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈছে সত্ৰ নগৰী মাজুলী । মাজুলীত এতিয়া উৎসৱৰ বতৰ ৷ যাৰ বাবে মাজুলীলৈ আগমন ঘটিছে বহু দেশী বিদেশী পৰ্যটকৰ । মাজুলীত পালন কৰা উৎসৱ সমূহৰ ভিতৰত প্ৰধান উৎসৱ হৈছে এই ৰাস মহোৎসৱ ।

এই ৰাসৰ বাবে বান-বাৰিষাৰ দুৰ্যোগ দুৰ্ভাবনা পাহৰি পেলাইছে মাজুলীবাসীয়ে । অনুপম মাজুলীৰ প্ৰকৃতিয়ে হাত বাউল দি মাতিছে দেশী-বিদেশী পৰ্যটকক । ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলী সত্ৰ আৰু মঞ্চসমূহ । শিশুকৃষ্ণৰ জন্মলীলা লগতে সম্পূৰ্ণ মহাৰাসৰ আখৰা ।

১২ খন সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত অনুষ্ঠিত হ'ব ৰাস । অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলী ৷ গুৰু দুজনাৰ মিলনৰ মণিকাঞ্চন সংযোগস্থলী মাজুলী-ৰাস, পালনাম আৰু ভাওনাৰ বাবে বিখ্যাত । ব্যতিক্ৰমী মাজুলীত শৰৎকাল বুলিলেই ৰাসোৎসৱৰ কথাহে মনলৈ আহে ।

মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ লৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মাজুলীত । দিনৰ ভাগৰ পৰা নিশা দুপৰলৈক চলিছে ৰাসৰ আখৰা । মাজুলীৰ নৱজ্যোতি যুৱক সংঘ আৰু আইদেউ সন্দিকৈ নাটঘৰৰ আখৰাৰ দৃশ্যই সকলোকে মুখৰিত কৰিছে ।

উল্লেখ্য যে, এই আনন্দমুখৰ পৰিৱেশৰ মাজতে এই ৰংগমঞ্চটোলৈ আহিছে এক দুখৰ খবৰ । হয়তো এই বছৰেই এইটো ৰংঘৰত শেষবাৰৰ বাবে অনুষ্ঠিত হ’ব এই ৰাস ৷ কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে এই ৰংঘৰ থকা অংশও অধিগ্ৰহণ কৰা হৈছে । যিটো খবৰে এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকজন লোকৰ মনলৈ সুখৰ মাজতে দুখ কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : উদুলি-মুদুলি বিশ্বনাথ ৰাস মহোৎসৱথলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.