ETV Bharat / state

দাৰিদ্ৰতা নেওচি সাফল্য আজুৰিলে মাজুলীৰ দেৱজিতে

author img

By

Published : Dec 21, 2020, 10:30 PM IST

majuli boy news
অসমীয়া বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান মাজুলীৰ দেৱজিৎ শইকীয়াৰ

অসমীয়া বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিলে মাজুলীৰ দেৱজিতে ৷ ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ভিতৰতে স্নাতক ডিগ্ৰীত সৰ্বোচ্চ নম্বৰ লৈ গৌৰৱ কঢ়িয়ালে মাজুলীৰ মিলপুৰ গাঁৱৰ দেৱজিৎ শইকীয়াই |

মাজুলী,21ডিচেম্বৰ : সদ্যঘোষিত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ কলা শাখাৰ স্নাতক শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত মাজুলী জিলাৰ আগশাৰীৰ স্নাতক শিক্ষানুষ্ঠান পূব মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ দেবজিৎ শইকীয়াই অসমীয়া বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে ৷ ছাত্ৰজনৰ এই সফলতাই এতিয়া মহাবিদ্যালয় খনৰ লগতে দ্বীপজিলা মাজুলীলৈ গৌৰব কঢ়িয়াই আনিছে ।

majuli boy news
অসমীয়া বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান মাজুলীৰ দেৱজিৎ শইকীয়াৰ

মুঠ ৮৩.০৭ শতাংশ নম্বৰ লাভ কৰা শ্ৰী দেৱজিৎ শইকীয়া শ্ৰীৰাম মিলনপুৰ গাঁৱৰ দিলীপ শইকীয়া আৰু কৌশল্যা শইকীয়াৰ পুত্ৰ ৷ অতি দৰিদ্ৰ পৰিয়ালৰ দেৱজিৎ শইকীয়াৰ পিতৃ দিলীপ শইকীয়াই দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল ৷ কিন্তু তেখেত বৰ্তমান অসুস্থ, মাক কৌশল্যা শইকীয়াও মানসিক ৰোগী | এসাজ খাই এসাজ লঘোণে থাকি জীৱন কটোৱা এই পৰিয়ালটি এতিয়া আনন্দিত ৷ ছাত্ৰজনে কঠোৰ জীৱন সংগ্ৰাম কৰিও এনে এক অপ্ৰত্যাশিত ফলাফল কঢ়িয়াই অনাত মহাবিদ্যালয় খনৰ লগতে ছাত্ৰজনৰ ভৱিষ্যত উজ্জল কামনা কৰিছে ছাত্ৰ-ছাত্ৰী সকলে |

অন্য এক খবৰৰ বাবে: মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.