ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাজুলীত আছুৰ পদযাত্ৰা

author img

By

Published : Apr 3, 2021, 3:19 PM IST

মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাজুলীত আছুৰ পদযাত্ৰা
মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাজুলীত আছুৰ পদযাত্ৰা

মূল্যবৃদ্ধি ৰোধৰ দাবীত শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীতো প্ৰতিবাদ সাব্যস্ত । মাজুলীৰ নতুন বজাৰত মুল্যবৃদ্ধিৰ প্ৰতিবাদত পদযাত্রা কাৰ্যসূচী ৰূপায়ণ ৷

মাজুলী, ৩ এপ্ৰিল: নিৰ্বাচনৰ মাজতে মূল্য বৃদ্ধিৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰিল ৰাজ্য । মূল্যবৃদ্ধি ৰোধৰ দাবীত শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীতো প্ৰতিবাদ সাব্যস্ত কৰে জিলা ছাত্ৰ সন্থাই । মাজুলীৰ নতুন বজাৰত মুল্যবৃদ্ধিৰ প্ৰতিবাদত পদযাত্রা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে । এই প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য সামগ্ৰী, ইন্ধন-গেছ, পেট্ৰল’, ডিজেলৰ মুল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক কোঙা কৰি পেলাইছে ৷ অতিশীঘ্ৰে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণলৈ আনিব লাগে বুলি সকীয়াই দিয়ে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি দীপক নেওগ, শিক্ষা সম্পাদক উত্তম বৰা, গেজেৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দুলু চুতীয়া, সাধাৰণ সম্পাদক দেউজান মিলিকে ধৰি শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে । উল্লেখ্য যে, ৰাজ্যত দৈনিক নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ উচ্চ হাৰত বৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাইছে ৷ অত্যধিক মূল্য বৃদ্ধিৰ ফলত আগন্তুক ৰঙালী বিহুও যেন কঙালী হ’বলৈ গৈ আছে । ইফালে নিত্য-নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ নাটনীৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে উচ্চ হাৰত সামগ্ৰী বিক্ৰী কৰিবলৈ লৈছে ৷ যাৰ ফলত অধিক হাৰত বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য ৷

লগতে পঢ়ক: পীযুষ হাজৰিকাৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.