ETV Bharat / state

চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহেৰে আছুৰ প্ৰতিবাদ

author img

By

Published : Nov 16, 2020, 10:08 PM IST

majuli-aasu-protest
মাজুলীত চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহেৰে আছুৰ প্ৰতিবাদ

মাজুলীৰ কমলাবাৰীত মাজুলী জিলা ছাত্র সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰি ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচীৰ । মাজুলী যোৰহাটৰ মাজত বিলাসী ৰ'ৰ' জাহাজ চলোৱাৰ ব্যৱস্থা কৰিছিল যদিও অলপ দিন চলাই বন্ধ কৰিলে জাহাজৰ চলাচল ।

মাজুলী, 16 নৱেম্বৰ: মাজুলীৰ কমলাবাৰীত মাজুলী জিলা ছাত্র সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ । মাজুলী যোৰহাটৰ মাজত বিলাসী ৰ'ৰ' জাহাজ চলোৱাৰ ব্যৱস্থা কৰিছিল যদিও অলপ দিন চলাই বন্ধ কৰিলে জাহাজৰ চলাচল ।

মাজুলীত চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহেৰে আছুৰ প্ৰতিবাদ

ইয়াৰ পাছত মাজুলীলৈ অনা হ‘ল দুখন ৰৌ পেস্ক ফেৰী । দুখন ৰৌ পেস্ক ফেৰী বৰ্তমান যোৰহাটৰ নিমাতীঘাটত ৰখাই থৈছে । বৰ্তমান দুয়োখন জাহাজ পৰ্যবেশিত হৈছে ফুলদানিলৈ । বৰ্তমান মাজুলীলৈ পৰ্যটকৰ আগমন আৰম্ভ হৈছে । ইয়াৰ মাজতে আউনীআটী সত্ৰৰ পালনাম মহোৎসৱ অনুষ্ঠিত হৈ গৈছে । তদুপৰি মাজুলীৰ ঐতিহাসিক ৰাসোৎসৱ সমাগত কিন্তু অভিলাষী জাহাজ দুখনৰ চলাচল আজিকোপতি আৰম্ভ নহ’ল । যাৰ প্ৰতিবাদতে সোমবাৰে আছুৱে পৰিবহণ মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই জাহাজ দুখনৰ চলাচল আৰম্ভ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: বনকৰা মহিলাই লুটিলে লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.