ETV Bharat / state

পুনৰ ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্রীবাহী ফেৰী

author img

By

Published : Apr 18, 2022, 6:27 PM IST

পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হ’ল ফেৰী ৷ বিয়লি 1.30 বজাত নিমাতি পৰা মাজুলী অভিমুখে গৈছিল এই ফেৰীখন (Ferry to majuli stuck in Middle of Brahmaputra) ৷ ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতৰ বাবে ফেৰীখন উজাই যাব পৰা নাই ৷

ferry-to-majuli-stuck-in-middle-of-brahmaputra
ব্ৰহ্মপুত্ৰত মাজত আৱদ্ধ যাত্রীবাহী ফেৰী

মাজুলী, 18 এপ্ৰিল: পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হ’ল ফেৰী (Ferry to majuli stuck in middle of Brahmaputra) ৷ পদ্মা নামৰ যাত্রীবাহী ফেৰীখন নিমাতিৰ পৰা মাজুলী অভিমুখে গৈ আছিল ৷ বিয়লি 1.30 বজাত নিমাতি পৰা মাজুলী অভিমুখে গৈছিল এই ফেৰীখন । জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতৰ বাবে উজাই যাব পৰা নাই এই ফেৰীখন ৷ ফলত নদীৰ বুকুতে আৱদ্ধ হৈ আছে ফেৰীখন ৷

ফলত ফেৰীখন পুনৰ নিমাতিলৈ ঘূৰাই অনা ব্যৱস্থা কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে । আভ্যন্তৰীণ জল পৰিবহন বিভাগে জনোৱা মতে, প্ৰায় 120 জন যাত্ৰীৰে সৈতে বহুকেইখন বাইক আৱদ্ধ হৈ আছে ফেৰীখনত ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোকে ফেৰীখন উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, 13 এপ্ৰিলত প্ৰায় 44 জন যাত্ৰীৰে সৈতে 3 খন গাড়ী আৰু 35 খনৰো অধিক বাইকৰ সৈতে নিমাতিৰ পৰা কমলাবাৰী অভিমুখে অহা এখন ফেৰীও ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰিছিল ৷ ব্ৰহ্মপুত্ৰৰ তলিভাগ কোনো কোনো ঠাইত বাম হোৱাৰ ফলত বালিচৰত আৱদ্ধ হৈ পৰিছিল এই ফেৰীখন ৷

ইফালে, বিগত 24 মাৰ্চ তাৰিখেও নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাট অভিমুখে এখন ফেৰী আৱদ্ধ হৈ পৰিছিল (Ferry to Kamalabari stuck in Brahmaputra) । যান্ত্ৰিক বিজুতিৰ বাবে এই ফেৰীখন আৱদ্ধ হৈ আছে ব্ৰহ্মপুত্ৰৰ মাজত ।

লগতে পঢ়ক : মাজুলীত লুইতৰ মাজত আৱদ্ধ ফেৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.