ETV Bharat / state

মাজুলীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান

author img

By

Published : Feb 3, 2021, 6:07 PM IST

cultural-university-class-open
মাজুলীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান

মাজুলীত মুকলি সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে পাঠদান ৷ উপস্থিত বহু বিশিষ্ট ব্যক্তি ৷

মাজুলী, 3 ফেব্ৰুৱাৰী : বুধবাৰে মুকলি কৰা হ'ল মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে পাঠদান ৷ দুপৰীয়া 1 বজাত মুখ্যমন্ত্ৰীয়ে মাজুলীত উপস্থিত হৈ সাংস্কৃতি বিশ্ববিদ্যালয়ৰ অস্থায়ী গৃহৰ দ্বাৰ উদঘাটন কৰে ৷ ইফালে, উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শ্রীশ্রী অনিৰুদ্ধ দেব ক্ৰিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জে পি বাৰ্মা ৷

cultural-university-class-open
অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উল্লেখ্য যে, বুধবাৰৰ পৰা আৰম্ভ হ'ব লগা বিশ্ববিদ্যালয়খনত বিভিন্ন বিভাগত শিক্ষক নিযুক্তি আৰু শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ 2020-21 শিক্ষাবৰ্ষৰ বাবে বিশ্ববিদ্যালয়খনে অসমীয়া আৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰাৰ লগতে ঐতিহ্য অধ্যয়ন, যোগা, মুখা আৰু ভাস্কৰ্য শিল্প আৰু সাঁচিপাত সংৰক্ষন বিষয়ত পোষ্ট গ্ৰেডুৱেট ডিপ্লমা পাঠদান আৰম্ভ কৰিব ৷ তদুপৰি মিচিং ভাষা শিক্ষাৰ 6 মহীয়া পাঠ্যক্ৰমো বিশ্ববিদ্যালয়খনত অন্তভূৰ্ক্ত কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য

ইফালে, পূৱ মাজুলী মহাবিদ্যালয়ৰ নৱ নিৰ্মিত ভৱনত মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ পাঠদানৰ ফিটা কাতি শুভাৰম্ভ কৰাৰ পিচত প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে । গায়ন-বায়ন মিছিং নৃত্য, বৰগীত আদি সাংস্কৃতিক কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীক আদৰণি জনায় ৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ডম্বৰুধৰ নাথে আদৰণি ভাষন ৰখাৰ পিচত মুখ্যমন্ত্ৰীয়ে প্ৰথম বৰ্ষত নামভৰ্তি কৰা 106 গৰাকী ছাত্র-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে । সভাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে ।

cultural-university-class-open
অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

লগতে পঢ়ক :নামত আদৰ্শ চিকিৎসালয়ঃ চিকিৎসা নাপায় ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.