Bhaona Samaroh in Majuli: নিজম পৰিল মাজুলীৰ প্ৰাচীন চামগুৰিৰ খাট পথাৰ

author img

By

Published : Jan 9, 2023, 2:21 PM IST

Bhaona Performance in Majuli

সামৰণি পৰিল মাজুলীৰ চামগুৰিৰ ঐতিহাসিক খাটপথাৰত তিনিদিনীয়াকৈ আয়োজিত সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ (All Assam Ankiya Bhaona Samaroh at Majuli)। এই সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ ১১ টাকৈ ভাওনা দলে অংশগ্ৰহণ কৰে ।

সদৌ অসম অংকীয়া ভাওনা সমাৰোহ

মাজুলী, ৯ জানুৱাৰী: নিজম পৰিল সত্ৰ নগৰী মাজুলীৰ প্ৰাচীন চামগুৰিৰ খাট পথাৰ (Samguris Khat field in Majuli)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে মাজুলীত আয়োজন কৰা সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ দেওবাৰে সামৰণি পৰে (Mahapurush Srimanta Sankaradeva) । শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখনি (All Assam Ankiya Bhaona Samaroh in Majuli) ।

সদৌ অসম অংকীয়া ভাওনা সমাৰোহত তিনিও দিনতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Bhaona Performance in Majuli)। উক্ত সমাৰোহত মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ১১ টা ভাওনাৰ দলে অংশগ্ৰহণ কৰে । এই সমাৰোহৰ প্ৰথম দিনা পুৱা নাম প্ৰসংগৰ পাছত ভাওনা সমাৰোহৰ পতাকা উত্তোলন কৰা হয় । ১০০০ গৰাকী আইৰ দিহানাম, ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয় বিশিষ্ট ব্য়ক্তিৰ দ্বাৰা । তদুপৰি দিনত আন কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইপিনে, নিশা একে সময়তে তিনিটা দলে প্ৰদৰ্শন কৰে তিনিখন ভাওনা (Sri Sri Prachin Samguri Satra ) ।

দ্বিতীয় দিনা এই সমাৰোহখনিত অংশগ্ৰহণ কৰে মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই (Minister Bimal Bora)। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অংকীয়া ভাওনা সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বড়াই কয় যে শ্ৰীমন্ত শংকৰদেৱৰ যি অমিয়া সৃষ্টি অংকীয়া ভাওনা সেই অমৰ সৃষ্টি জীয়াই ৰাখিবৰ বাবেই চামগুৰি সত্ৰই আয়োজন কৰা এই অংকীয়া ভাওনা সমাৰোহৰ দ্বাৰা নৱ প্ৰজন্মক অনুপ্ৰাণিত হ'ব ।

ইপিনে, সদৌ অসম অংকীয়া ভাওনা সমাৰোহ উপলক্ষে দেওবাৰে অৰ্থাৎ অন্তিম দিনা এক সংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । উক্ত শোভাযাত্রাত নদীদ্বীপটোৰ কমেও ডেৰ শতাধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে । তদুপৰি সমাৰোহৰ অন্তিম নিশা একে সময়তে চাৰিখন ভাওনা প্রদর্শন কৰা হয় বুলি উদ্য়োক্তাসকলে সদৰি কৰিছে (12 participant Performance Bhaona at Majuli)। উল্লেখ্য় যে চামগুৰিৰ ঐতিহাসিক খাট পথাৰত যোৱা ৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম অংকীয়া ভাওনা সমাৰোহলৈ অগণন লোকৰ সমাবেশ ঘটাত আয়োজকসকল উৎফুল্লিত হৈ পৰে ৷

লগতে পঢ়ক:India vs Sri Lanka ODI in Guwahati: গুৱাহাটীত উপস্থিত ভাৰত আৰু শ্ৰী লংকা ক্ৰিকেট দলৰ খেলুৱৈসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.