ETV Bharat / state

তিনি বছৰে অসম্পূৰ্ণ মাজুলী-যোৰহাট সংযোগী দলংঃ কাঁহ পিতল লৈ ফেৰী ঘাটত প্ৰতিবাদ AJYCPৰ

author img

By

Published : Aug 19, 2019, 7:13 PM IST

কাঁহ পিতল লৈ মাজুলী ফেৰী ঘাটত প্ৰতিবাদ

2016 চনত প্ৰস্তাৱিত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ দাবী ৷ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে স্থাপন কৰিছিল আধাৰশিলা ৷ তিনি বছৰ উকলি যোৱাৰ পাচতো কোনো কাম নোহাৱাত ক্ষোভিত হৈ পৰে ৰাইজ ৷

মাজুলী, 19 আগষ্ট : মাজুলী ফেৰী ঘাটত অভিনৱ প্ৰতিবাদ ৷ কাঁহ পিতল লৈ প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মকৰ্তাৰ ৷ 2016 চনত প্ৰস্তাৱিত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ সংগঠনটোৰ ৷ আধাৰশিলা স্থাপনৰ তিনি বছৰ উকলি যোৱাৰ পাচতো কোনো কাম নোহাৱাত ক্ষোভিত হৈ পৰে ৰাইজ ৷ 2016 চনৰ 27 ফেব্ৰুৱাৰী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী নিতিন গাডকাৰীয়ে মাজুলী মহাবিদ্যালয় খেলপথাৰত এক আড়ম্বৰপূৰ্ণ পৰিৱেশত আধাৰশিলাৰ স্থাপন কৰিছিল । ঐতিহাসিক দৰিয়া পাৰত আধাৰশিলা অনুষ্ঠানৰ চূড়ান্ত সাক্ষী হৈ ৰৈছিল মাজুলীৰ লক্ষাধিক জনতাৰ লগতে জাতীয় দল সংগঠন আৰু সত্ৰাধিকাৰ সকল । কিন্তু বছৰ বছৰ ধৰি এই আধাৰশিলা আধাৰশিলা হৈয়ে থাকিল । আধাৰশিলাৰ নামত আৰম্ভ হ’ল অলেখ ৰাজনীতি । আধাৰশিলাৰ প্ৰতিশ্ৰুতি দি দি বিজেপিয়ে পাৰ কৰিলে কেবাটাও নিৰ্বাচন । যাৰ বাবে এতিয়া এইদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে দল সংগঠনে ।

Intro:প্ৰস্তাৱিত যোৰহাট মাজুলী সংযোগী দলং কেতিয়া হব!

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ৰামঠগন মাজুলীবাসীক……

মাজুলী ফেৰী ঘাটত ডবা কাঁহ লৈ অভিনৱ প্ৰতিবাদ ……

আধাৰশিলা তিনি বছৰ পাছতো প্ৰস্তুতেই নহল দলংৰ ডিপিয়াৰ

যোৰহাট মাজুলী সংযোগী দলং বিছাৰি ফেৰী ঘাটত অান্দোলন……


V O ……বাজিছে ডবা, বাজিছে কাহ………
পহিলা ভাদ দিনাই ডবা কাঁহ তালেৰে মুখৰিত হল মাজুলী ফেৰী ঘাট । অৱশ্যে এই ডবা কাঁহৰ ধ্বনি ভাদ মহীয়া নামৰ নহয় ।
যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ দাবীতহে এই ডবা কাঁহৰ ধ্বনি বাজিছে মাজুলী ফেৰী ঘাটত ।
হয়,2016 চনত প্ৰস্তাৱিত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ দাবীত সোমবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ উদ্যোগত মাজুলীৰ জাতীয় সংগঠনে মাজুলী ফেৰী ঘাটত এই দৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়।

byt.....leadrr


v.o..উল্লেখ্য যে 2016 চনৰ 27 ফেব্ৰুৱাৰী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী নিটিন জায়ৰাম গাডকাৰীয়ে মাজুলী মহাবিদ্যালয় খেল পথাৰত এক আড়ম্বৰ পূৰ্ন
পূৰ্ণ পৰিবেশত আধাৰশিলা কাৰ্যসূচীৰ ৰূপায়ন কৰিছিল।
ঐতিহাষিক দৰিয়া পাৰত আধাৰশিলা অনুষ্ঠানৰ চূড়ান্ত সাক্ষী হৈ ৰৈছিল মাজুলীৰ ডেৰ লাখ জনতা জাতীয় দল সংগঠন আৰু সত্ৰাধিকাৰ সকল। সেই সময়ত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে সেই বিশাল সভা খনত কি কৈছিল শুনক এবাৰ……

file nitin gadkari

এটা কথা অপ্ৰিয় হলেও সত্য যে যোৰহাট মাজুলী সংযোগী এই দলং খনৰ বাবেই দলে বলে মাজুলী বাসীয়ে বিজেপিৰ পক্ষত ভোট দি জয় যুক্ত কৰিছিল । পৰৱৰ্তী সময়ত এই আধাৰশিলা আধাৰশিলা হৈয়ে থাকিল । আধাৰশিলা ৰ নামত আৰম্ভ হল অলেখ ৰাজনীতি । আধাৰশিলা প্ৰতিশ্ৰুতি দি দি বিজেপিয়ে পাৰ কৰিলে কেবাটাও নিৰ্বাচন ।
নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী সাংবাদিক কয় এনেদৰে ।

বাইট : file cm

v.o...দুই খন চৰকাৰৰ এই ভূৱা প্ৰতিশ্ৰতিক লৈ এতিয়া মাজুলী ৰ ৰাইজ জাগিছে। সচাকৈ নিৰ্বাচনী বৈতৰনী পাৰ কৰিবলৈ হে বিজেপিয়ে এই ভূৱা অাশ্বাস দিছিল নেকি সেয়া এতিয়া মাজুলীবাসীৰ বাবে নুবুজা সাথৰ হৈ পৰিছে।

যাৰ বাবে এতিয়া এইদৰে অভিনব প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে দল সংগঠনে। সোমবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে যোৰহাট-মাজুলী সংযোগী দলং বিছাৰি অান্দোলন কৰিছে ফেৰী ঘাটত।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.