ETV Bharat / state

Majuli college clash: মাজুলীত ছাত্ৰক প্ৰহাৰৰ সন্দৰ্ভত মুখ খুলিলে ABVP নেতাই

author img

By

Published : Aug 16, 2023, 8:03 AM IST

ABVP Leader Press Meet in Majuli
ছাত্ৰ প্ৰহাৰৰ সন্দৰ্ভত মুখ খুলিলে ABVP নেতাই

মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ABVP ৰ নেতাৰ ৷ নিজকে ধোৱা তুলসী পাত সজালে কমলাবাৰী শাখাৰ এবিভিপিৰ সভাপতি আচাৰ্য মোহন দাসে ৷ সামাজিক মাধ্যমত চলোৱা প্ৰচাৰক ভুৱা আখ্যা ৷

ছাত্ৰ প্ৰহাৰৰ সন্দৰ্ভত মুখ খুলিলে ABVP নেতাই

মাজুলী, 16 আগষ্ট: AVBP ৰ কৰ্মীয়ে ব্যক্তিগত হোষ্টেলত প্ৰৱেশ কৰি এজন ছাত্ৰক প্ৰহাৰৰ ঘটনাৰ পাচতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাজুলীত ৷ 15 আগষ্টত হোৱা এই ঘটনাৰ পাচতে মুখ খুলিছে AVBP ৰ কৰ্মীয়ে ৷ মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মিগম কুলিক মাৰ-ধৰ কৰাৰ অভিযোগ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি নিজকে ধোৱা তুলসী পাত সজালে কমলাবাৰী শাখাৰ AVBP ৰ সভাপতি আচাৰ্য মোহন দাসে ৷

‘‘মহাবিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা স্বধীনতা দিৱসক AVBP সদস্যই সামাজিক মাধ্যমত ABVP তৰফৰ পৰা স্বাধীনতা দিৱস পালন কৰা বুলি দিয়া চলোৱা প্ৰচাৰ ভুৱা ৷ ABVP য়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ কথা জ্ঞাত নহয় ৷ এই সন্দৰ্ভত প্ৰয়োজন সাপেক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ প্ৰতিটো সংগঠনৰ লোকেই আমাৰ মহাবিদ্যালয়লৈ আহে ৷ সকলোকে সন্মান জনোৱাটো আমাৰ কৰ্তব্য ৷ ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক দিশত শক্তিশালী কৰাত আমাৰ দায়িত্ব ৷ কিন্তু মোক কোনো আনুষ্ঠানিকভাৱে সভাপতি পদ দিয়া নাই ৷ মোৰ ওচৰলৈ আহে বিভিন্ন দলীয় কামৰ বাবে ৷ কিন্তু তেওঁলোকে মোক কোনো আনুষ্ঠানিক দায়িত্ব দিয়া নাই ৷ মোৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে ৷’’ এই দৰে সংবাদমেল পাতি কমলাবাৰী শাখাৰ AVBP ৰ সভাপতি আচাৰ্য মোহন দাসে স্পষ্টীকৰণ দিয়ে ৷

মাজুলী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকগৰাকীক মাৰ-পিট কৰাৰ লগতে প্ৰাণে মৰা ভাবুকি প্ৰদান কৰাৰ অভিযোগ ABVP ৰ নেতা কৰ্মীৰ বিৰুদ্ধে । ইফালে ABVP ৰ নেতা আলোক তামুলী, আকাশ পেগু, ভাৰ্গব বৰুৱা, শৰ্মিল বৰুৱা লগতে শ্বাস্বত শইকীয়াই মাজুলী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকজনক মাৰ-পিট কাৰৰ অভিযাগ উঠিছে ৷

লগতে পঢ়ক: Majuli College:মাজুলীত গুণ্ডাৰ ৰূপত ABVP ৰ নেতা কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.