ETV Bharat / state

AASU protest in Majuli: খাটিখোৱাৰ ওপৰত চৰকাৰৰ মাধমাৰৰ বিৰুদ্ধে উত্তাল মাজুলী

author img

By

Published : Oct 13, 2022, 4:19 PM IST

Protest against price hike in Majuli
খাটিখোৱাৰ ওপৰত চৰকাৰৰ মাধমাৰৰ বিৰুদ্ধে উত্তাল মাজুলী

খাটিখোৱাৰ ওপৰত চৰকাৰৰ মাধমাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিল মাজুলী ৷ অভাৱনীয় কৰৰ বোজা বহন কৰিব নোৱৰা সাধাৰণ ৰাইজক মুক্তি দিয়াৰ দাবীত আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest against price hike in Majuli)৷

মাজুলী, 11 অক্টোবৰ: কৰৰ বোজা বহন কৰিবলৈ অপাৰগ হৈছে সাধাৰণ জনতা ৷ প্ৰায় প্ৰতিবিধ সামগ্ৰীতে চৰকাৰে আৰোপ কৰা অত্যাধিক কৰৰ ফলত বৃদ্ধি পোৱা দামবৃদ্ধিত অতিষ্ঠ হৈ পৰিছে খাটিখোৱা লোক (Price hike in Assam)৷ বিভিন্ন সময়ত দামবৃদ্ধিৰ বিৰুদ্ধে জাতীয় দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিলেও বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই বিজেপি নেতৃত্বাধীন চৰকাৰে ৷ বিপৰীতে নিতৌ ন-ন কৌশলেৰে সাধাৰণ জনতাৰ মূৰত ৰাম টোঙোন সোধোৱাতহে ব্যস্ত হৈ পৰা দেখা গৈছে নাচোৰবান্দা চৰকাৰ ৷

খাটিখোৱাৰ ওপৰত চৰকাৰৰ মাধমাৰৰ বিৰুদ্ধে উত্তাল মাজুলী

সাধাৰণ ৰাইজৰ বহনক্ষমতাৰ বাহিৰ হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল মাজুলী (Protest against price hike in Majuli)৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত দামবৃদ্ধি আৰু চৰকাৰে অধিক কৰ সংগ্ৰহ কৰাৰ প্ৰতিবাদত মাজুলী জিলা ছাত্ৰ সন্থাই মাজুলীৰ কমলাবাৰীত ৰূপায়ন কৰিলে বিক্ষোভ কায্যসূচী (Majuli AASU protest)। প্ৰতিবাদী কাৰ্যসূচীটোত মাজুলী জিলাৰ শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মাজুলী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই কয় যিদৰে দেশৰ লগতে ৰাজ্যত ইন্ধনজাত সামগ্ৰীকে আদি কৰি নিত্য ব্যৱহায্য সামগ্ৰীৰ দামবৃদ্ধি হৈছে, সাধাৰণ খাটি খোৱা লোকৰ এসাঁজ খাই এসাজলৈ চিন্তা কৰিবলগীয়া হৈছে । গতিকে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই দামবৃদ্ধি ৰোধ কৰাৰ লগতে সম্পত্তিৰ ওপৰত যি কৰৰ বোজা জাপি দিছে সেই বোজা হ্ৰাস কৰিব লাগিব বুলি দাবী জনায় (Tax hike in Assam)৷

প্ৰতিবাদস্থলীত অসম চৰকাৰ হাই হাই, কেন্দ্ৰীয় চৰকাৰ হাই হাই আদি শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । দীৰ্ঘসময় ধৰি দামবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত হৈ থকা প্ৰতিবাদৰ পাছতো গুৰুত্ব আৰোপ নকৰা বিজেপি নেতৃত্বাধীন চৰকাৰে আছু বৃহস্পতিবাৰৰ প্ৰতিবাদৰ পাছত কেনেধৰণৰ দায়সৰা মন্তব্য প্ৰদান কৰে সেয়া হ’ব লক্ষ্যণীয়(Reason of price hike) ৷

লগতে পঢ়ক: AASU protest in Barpeta: মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত আছুৰ বিক্ষোভ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.