ETV Bharat / state

Lakhimpur municipal board: ৱাৰ্ড মেম্বাৰ নোহোৱাকৈ চলি আছে লখিমপুৰ পৌৰসভাৰ দুটাকৈ ৱাৰ্ড

author img

By

Published : Apr 2, 2023, 2:20 PM IST

Lakhimpur municipal board
লখিমপুৰ পৌৰসভাত মন্থৰ হৈ পৰিছে উন্নয়নৰ গতি

ৱাৰ্ড মেম্বাৰ নোহোৱাৰ ফলত লখিমপুৰ পৌৰসভাত মন্থৰ হৈ পৰিছে উন্নয়নৰ গতি । দুজনকৈ ৱাৰ্ড মেম্বাৰৰ মৃত্যুৰ পাছত ৱাৰ্ড কেইটাত উপ নির্বাচন অনুষ্ঠিত নকৰাৰ ফলত পৌৰসভাখনত দুটাকৈ ৱাৰ্ড ৱাৰ্ড মেম্বাৰ অবিহনেই দীৰ্ঘদিন ধৰি চলি আছে, যাৰ ফলত স্থবিৰ হৈ পৰিছে উন্নয়নৰ গতি (Zero ward members in Lakhimpur municipal board) ।

লখিমপুৰ পৌৰসভাত মন্থৰ হৈ পৰিছে উন্নয়নৰ গতি

লখিমপুৰ, 2 এপ্ৰিল : ৱাৰ্ড মেম্বাৰ নোহোৱাকৈ চলিছে ৰাজ্যৰ এখন পৌৰসভা । মুঠ 21 টা ৱাৰ্ডৰে গঠিত উত্তৰ লখিমপুৰ পৌৰসভাৰ দুটা ৱাৰ্ডত বৰ্তমান ৱাৰ্ড মেম্বাৰ নোহোৱাকৈ চলি আছে । একৈশটা ৱাৰ্ড থকা পৌৰসভাখনত বৰ্তমান দুটা ৱাৰ্ডক বাদ দি বাকীকেইটাতহে আছে ৱাৰ্ড মেম্বাৰ । উল্লেখ্য যে, বিজেপিৰ দখলত থকা পৌৰসভাখনৰ শেহতীয়া নিৰ্বাচনৰ ডেৰমাহমানৰ পাছতে ৭ নম্বৰ ৱাৰ্ডৰ বিজেপিৰ বিজয়ী সদস্য অমৃত বালুৰ আকস্মিকভাৱে মৃত্যু হয় (Zero ward members in Lakhimpur municipal board)।

ইয়াৰ কিছুদিনৰ পিছতে ১৩ নং ৱাৰ্ডৰ বিজেপিৰ বিজয়ী সদস্য হিফজুৰ ৰহমান বৰুৱাৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয় । ফলত উত্তৰ লখিমপুৰ পৌৰসভাৰ উল্লেখিত দুটা ৱাৰ্ড আজিও খালী হৈ আছে ৷ পৌৰসভাৰ তৰফৰ পৰা এই সন্দৰ্ভত চৰকাৰক জনোৱাৰ পাছতো দীর্ঘদিন ধৰি উপ-নির্বাচন অনুষ্ঠিত নকৰাকৈ থোৱাৰ ফলত সচেতন মহলত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে (Two seat vacant in Lakhimpur municipal board)।

ৱাৰ্ড মেম্বাৰ বিহীন ৱাৰ্ড কেইটাৰ উন্নয়ন সম্প্ৰতি বাধাগ্রস্ত হোৱাৰ অভিযোগ উঠিছে । একাংশ নাগৰিকে এই সন্দৰ্ভত অসন্তুষ্টিও প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে, উত্তৰ লখিমপুৰ পৌৰসভাৰ শেহতীয়া নিৰ্বাচনত বিজেপি দলে ১৬ টা, আপ আৰু নিৰ্দলীয়ই ১ টাকৈ আৰু কংগ্রেছে ৩ টা ৱাৰ্ড দখল কৰিছিল । পৰৱৰ্তী সময়ত আপ, নিৰ্দলীয় সদস্য দুজনৰ লগতে কংগ্রেছৰ দুজন সদস্য ই বিজেপিত যোগদান কৰাত পৌৰসভাখনত বিজেপিৰ আসনৰ সংখ্যা ২০ খনলৈ বৃদ্ধি হয় (Lakhimpur municipal board)।

সম্প্ৰতি পৌৰসভাখনত এজন মাত্র কংগ্রেছৰ ৱাৰ্ড সদস্যৰ বিপৰীতে বাকীখিনি ৱাৰ্ডত আছে বিজেপিৰ সদস্য । অন্য হাতে খালি হৈ থকা ৱাৰ্ড দুটাৰ প্ৰয়াত সদস্য দুজনো আছিল বিজেপিৰে । জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই জানিবলৈ দিয়া মতে উত্তৰ লখিমপুৰ পৌৰসভাত থকা একমাত্র কংগ্রেছৰ ৱাৰ্ড মেম্বাৰগৰাকীয়েও বিজেপি দলত যোগদানৰ বাবে আগ্রহী হৈ দলটোৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে বুলি জানিবলৈ দিয়ে । বৰুৱাই পৌৰসভাখনৰ উন্নয়নৰ কাম-কাজৰ এক থুলমুল খতিয়ানো দাঙি ধৰে ।

বৰ্তমান উত্তৰ লখিমপুৰ পৌৰসভাৰ বিভিন্ন ৱাৰ্ডত বিভিন্ন উন্নয়নমূলক কাম কাজ তীব্র গতিৰে চলিবলৈ ধৰিছে । এনে সময়ত ৱাৰ্ড মেম্বাৰ অবিহনে ৭ আৰু ১৩ নং ৱাৰ্ডৰ উপ নির্বাচন অনুষ্ঠিত কৰাটো অতি জৰুৰী আছিল যদিও চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰে জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই ।

লগতে পঢ়ক : BPF rally in Kokrajhar: আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি বিপিএফৰ বিশাল পদযাত্ৰাৰ লগতে জনজাগৰণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.