ETV Bharat / state

নাৰায়ণপুৰৰ সুৰা ব্যৱসায়ী ঋষি ভূষণ হাজৰিকাৰ প্ৰতিক্ৰিয়া প্ৰকাশ

author img

By

Published : Feb 26, 2021, 3:51 PM IST

যোৱা ২৪ ফেব্ৰুৱাৰীত অভিযান চলাই ৯ কাৰ্টুন সুৰাসহ ৰিজু বনিয়া নামৰ এগৰাকী অবৈধ সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাত নাম সাঙুৰ খাই পৰিছিল নাৰায়ণপুৰৰ ঋষি ভূষণ হাজৰিকা নামৰ অনুজ্ঞাপত্ৰ থকা সুৰা ব্যৱসায়ীজনৰ নাম ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে ইটিভি ভাৰতত প্ৰচাৰ হৈছিল বাতৰি ৷ ইটিভি ভাৰতৰ বাতৰিৰ পাচতে মৌখিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ সুৰা ব্যৱসায়ী ঋষি ভূষণ হাজৰিকাৰ ।

নাৰায়ণপুৰৰ সুৰা ব্যৱসায়ী ঋষি ভূষণ হাজৰিকাৰ প্ৰতিক্ৰিয়া প্ৰকাশ
নাৰায়ণপুৰৰ সুৰা ব্যৱসায়ী ঋষি ভূষণ হাজৰিকাৰ প্ৰতিক্ৰিয়া প্ৰকাশ

বিহপুৰীয়া, ২৬ ফেব্ৰুৱাৰী: অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষীৰ । জিলাখনৰ নাৰায়ণপুৰৰ অলিয়ে গলিয়ে অবৈধভাৱে গঢ় লৈ উঠা সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ হৈ উঠিছে নাৰায়ণপুৰ আৰক্ষী ৷ যোৱা ২৪ ফেব্ৰুৱাৰীত অভিযান চলাই ৯ কাৰ্টুন সুৰাসহ ৰিজু বনিয়া নামৰ এগৰাকী অবৈধ সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে নাৰায়ণপুৰ আৰক্ষীয়ে ৷ ৰিজু বনিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত নাম সাঙুৰ খাই পৰিছিল নাৰায়ণপুৰৰ ঋষি ভূষণ হাজৰিকা নামৰ অনুজ্ঞাপত্ৰ থকা সুৰা ব্যৱসায়ীজনৰ নাম ৷

গ্ৰেপ্তাৰ হোৱা ৰিজু বনিয়াই উক্ত ব্যৱসায়ীজনৰ পৰা সুৰা ক্ৰয় কৰি অবৈধভাৱে বিক্ৰী কৰাৰ কথা উল্লেখ কৰিছিল আৰক্ষীৰ আগত ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে ইটিভি ভাৰতত প্ৰচাৰ হৈছিল বাতৰি ৷ ইটিভি ভাৰতৰ বাতৰিৰ পাচতে মৌখিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুৰা ব্যৱসায়ী ঋষি ভূষণ হাজৰিকাই ৷ অবৈধ ব্যৱসায়ৰ লগত কোনো প্ৰকাৰে তেওঁ জড়িত নহয় বুলি ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য কৰে ৷ লগতে অৰুণাচলী সুৰাও বিক্ৰী নকৰে বুলি জানিবলৈ দিয়াৰ লগতে অপ্ৰয়োজনীয়ভাৱে ঋষি ভূষণ হাজৰিকাৰ নাম উক্ত ঘটনাত সাঙোৰ খোৱা বুলি প্ৰতিক্ৰিয়া আগবঢ়ায় ৷

লগতে পঢ়ক:আঞ্চলিক দলৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে হাগ্ৰামাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.