কোন দিশে বিশ্ব গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যৎ

author img

By

Published : Jul 1, 2021, 6:03 PM IST

What will be the future of world pride mobile theater

কাল কৰ'ণাই বাৰুকৈয়ে প্ৰভাৱ পেলালে অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰা বিশ্ব গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰ(mobile theater)ক ৷ গৌৰৱোজ্বল 56 টা বছৰ অতিক্ৰম কৰা এই উদ্যোগটো অদ্যপি স্তব্ধ হৈ পৰিছে ক'ভিড-১৯(covid-19)ৰ ভয়াৱহ সংক্ৰমণৰ বাবে ৷ হঠাতে অহা দুৰ্যোগৰ বলি হৈ এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত বহুতৰে জীৱন-জীৱিকাৰ প্ৰতি নামি আহিছে ভাবুকি ৷

বিহপুৰীয়া,1 জুলাই : বিগত বছৰৰ পৰা কৰ'ণা (corona)ৰ দুটাকৈ ঢৌৱে জুৰুলা কৰিছে মানৱ জাতিক ৷ প্ৰতিটো খণ্ডত আৰ্থিকভাৱে প্ৰভাৱ পেলোৱা কৰ'ণাই ম্লান কৰিলে বহুতৰ নিচা আৰু পেচা ৷ আন আন খণ্ডৰ দৰে কাল কৰ'ণা(corona)ই বাৰুকৈয়ে প্ৰভাৱ পেলালে অসমৰ সংস্কৃতি (Assamese culture)ৰ ভঁৰাল চহকী কৰা বিশ্ব গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰ(mobile theater)ক ৷ গৌৰৱোজ্বল 56 টা বছৰ অতিক্ৰম কৰা এই উদ্যোগটো অদ্যপি স্তব্ধ হৈ পৰিছে ক'ভিড-১৯(covid-19)ৰ ভয়াৱহ সংক্ৰমণৰ বাবে ৷

কোন দিশে বিশ্ব গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰৰ ভৱিষ্যৎ !

ৰাজ্যৰ এই বিশাল উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰ (mobile theater) ৰ লগত জড়িত শিল্পী, কলা-কুশলীৰ লগতে প্ৰযোজকসকলৰ সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থা ৷ হঠাতে অহা দুৰ্যোগৰ বলি হৈ এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত বহুতৰে জীৱন-জীৱিকাৰ প্ৰতি নামি আহিছে ভাবুকি ৷ ভ্ৰাম্যমাণৰ প্ৰতিটো নাট্যগোষ্ঠীৰ পৰা আৰম্ভ কৰি ৰান্ধনিজনৰ পৰা গাড়ী চালকজনলৈকে সকলোৰে মূৰত সৰগ ভাগি পৰিছে ৷ অভিনয়কে একমাত্ৰ পেচা হিচাপে লৈ বছৰৰ পাচত বছৰ ধৰি কাম কৰি অহা শিল্পীসকলে এতিয়া উপাৰ্জনহীন হৈ পৰিছে ৷

লগতে পঢ়ক: ক্ৰমাৎ সুস্থ হৈ উঠিছে টংলাৰ পৰা উদ্ধাৰ কৰা বগলী পোৱালী কেইটা

দুটা বছৰে অচল হৈ থকা ৰাজ্যৰ বিভিন্ন নাট্যদলৰ সামগ্ৰীসমূহো অব্যৱহৃত হৈ থকাৰ ফলতে এতিয়া নষ্ট হোৱাৰ দিশে গতি কৰিছে ৷ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে বিশাল বাজেটেৰে আগবঢ়া প্ৰযোজকসকল ৷ এই ভয়াৱহ অৱস্থাৰ মাজতে পৰৱৰ্তী নাট্যবৰ্ষৰ বাবে বহুকেইটা ভ্ৰাম্যমাণ থিয়েটাৰৰ দলে প্ৰস্তুতি চলাই থকাৰ মাজতে বিগত 23 জুনত সদৌ অসম ভ্ৰাম্যমাণ প্ৰযোজক সন্থাৰ এখন সভাৰ সিদ্ধান্তমৰ্মে পৰিস্থিতি অনুকূল হ'লে চেপ্তেম্বৰ মাহত আখৰা আৰম্ভ কৰি অক্টোবৰ মাহৰ পৰা নাট প্ৰদৰ্শনী আৰম্ভ কৰিব ৷

ৰাজ্যখনৰ অন্যান্য ভ্ৰাম্যমাণ নাট্যদলসমূহৰ সমান্তৰালকৈ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে নাৰায়ণপুৰৰ হিমাদ্ৰী থিয়েটাৰ (himadri theater)। মহাপুৰুষ মাধৱদেৱ (madhab dev) ৰ পৱিত্ৰ স্মৃতিত চাৰিটা বছৰৰ পূৰ্বে নাৰায়ণপুৰৰ পৰা আত্মপ্ৰকাশ কৰা হিমাদ্ৰী থিয়েটাৰ পৰিয়ালৰো এতিয়া অনুৰূপ অৱস্থা ৷ থিয়েটাৰখনৰ প্ৰযোজক নৱজ্যোতি বুল শইকীয়াই জনোৱা মতে, কৰ'ণাৰ দ্বিতীয় ঢৌৰ আগে আগে পৰিস্থিতি কিছু সুস্থিৰ হোৱাত পৰৱৰ্তী নাট্যবৰ্ষৰ বাবে ইতিমধ্যে বেনাৰসমূহ ছপা কৰাৰ লগতে শিল্পী তথা কলা-কুশলীসকলৰ লগতো চুক্তি কৰা হৈছে ৷ অভিনয়ৰ বাবে শিল্পীসকলক আগধন পৰ্যন্ত প্ৰদান কৰা হৈছিল ৷

কিন্তু বিগত বৰ্ষত ৰাজ্য চৰকাৰ(state govt)ৰ তৰফৰ পৰা বহু শিল্পীলৈ আৰ্থিক সাহায্য আগবঢ়াইছিল যদিও থিয়েটাৰখনৰ শিল্পীসকলে লাভ নকৰিলে সেই সুবিধা ৷ এইসকল শিল্পীয়েও আশা প্ৰকাশ কৰি মন্তব্য কৰিছে যে, চৰকাৰে তেওঁলোকৰ প্ৰতিও সুদৃষ্টি নিক্ষেপ কৰিব ৷ সম্প্ৰতি বহু সমস্যাই গা কৰি উঠাত ইতিহাস সম্বলিত ৰাজ্যৰ অন্যতম উদ্যোগটোত নিয়োজিত হৈ থকা হাজাৰ হাজাৰ লোকৰ জীৱন বৰ্তমান বিপন্ন হৈ পৰিছে ৷ পৰৱৰ্তী নাট্যবৰ্ষতো নাট মঞ্চস্থ কৰাৰ এটা পৰিৱেশ লাভ নকৰিলে এই বৃহৎ উদ্যোগটো যে ধ্বংসৰ গৰাহলৈ গতি কৰিব ই একপ্ৰকাৰৰ স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক: স্থাপনৰ দিশে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.