ETV Bharat / state

HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলত জড়িত লখিমপুৰৰ দুই শিক্ষকক গ্ৰেপ্তাৰ

author img

By

Published : Mar 22, 2023, 5:49 PM IST

HSLC question paper leaked
লখিমপুৰত পুনৰ আন দুজন শিক্ষকক গ্ৰেপ্তাৰ

প্ৰশ্নকাকত ফাদিল কৰাৰ সৈতে জড়িত থকাৰ সন্দেহত পুনৰ লখিমপুৰ জিলাৰ দুজন শিক্ষকক গ্ৰেপ্তাৰ (HSLC 2023 question paper leaked) । উল্লেখ্য় যে, জিলাখনৰ পৰা এই পৰ্যন্ত মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত দহ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।

লখিমপুৰত পুনৰ আন দুজন শিক্ষকক গ্ৰেপ্তাৰ

লখিমপুৰ, ২২ মাৰ্চ: মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত লখিমপুৰত মঙলবাৰে নিশা পুনৰ দুজন শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে (HSLC question paper leaked)। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলকাণ্ডত লখিমপুৰত ইজনৰ পাচত সিজনকৈ আৰক্ষী আৰু চিআইডিৰ জালত পৰিছে বহুকেইজন শিক্ষক । মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত তেওঁলোকক চিআইডিয়ে নিশা গ্ৰেপ্তাৰ কৰি তদন্তৰ বাবে গুৱাহাটীলৈ নিয়ে । সোমবাৰে নিশা দুজন শিক্ষকসহ আন এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত মঙলবাৰে নিশাও পুনৰ আন দুজন শিক্ষকক গ্ৰেপ্তাৰ কৰে ।

সোমবাৰে ডফলাকটা জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক পূর্ণ পেগু আৰু ঠিকা ভিত্তিক শিক্ষক জগন্নাথ পেগুসহ টুটু শৰ্মা নামৰ এজন লোকক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে (HSLC question paper leak case update)। মঙলবাৰে সদৰ থানাত ধৃত কেইজনক চিআইডিয়ে জেৰা কৰাৰ পাচত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে নিশা পুনৰ আন দুজন শিক্ষকক গ্ৰেপ্তাৰ কৰে ।

যোৱা নিশা গ্ৰেপ্তাৰ কৰা শিক্ষক দুজন দুখন অপ্ৰাদেশিকীকৃত বিদ্য়ালয়ত কৰ্মৰত । ধৃত শিক্ষক দুজন হৈছে লিগিৰামুখ হাইস্কুলৰ অনন্ত দলে আৰু খেৰকটা হাইস্কুলৰ যতীন দলে । নিশাই তেওঁলোকক চিআইডিয়ে গ্ৰেপ্তাৰ কৰি পুৱতি নিশা গুৱাহাটীলৈ নিয়ে । এই দুজন শিক্ষকৰ সৈতে এজন নাবালক ছাত্রকো চিআইডিয়ে গ্ৰেপ্তাৰ কৰে ।

বুধবাৰে পুৱতি নিশা চিআইডিয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা চাৰিজন শিক্ষক, এজন সাধাৰণ লোক আৰু এজন ছাত্রসহ মুঠ ছজনক গুৱাহাটী লৈ নিয়া হৈছে (Assam HLSC paper leaked)। ইয়াৰ পূৰ্বে চিআইডিয়ে লুহিত খাবলু উচ্চতৰ মাধ্যমিক বিদ্য়ালয়ৰ অধ্যক্ষ প্ৰণৱ দত্ত, ডফলাকটা জনজাতি হাইস্কুলৰ শিক্ষক প্ৰসন্ন দাস আৰু কুমুদ ৰাজখোৱাসহ এজন নাবালক ছাত্রক গ্ৰেপ্তাৰ কৰিছিল ।

ইপিনে,এই ঘটনাৰে জড়িত থকাৰ সন্দেহত লখিমপুৰ জিলাৰ পৰা বৃহস্পতিবাৰে তিনিজনক আটক কৰিছিল যদিও এজনক পৰৱৰ্তী পৰ্যায়ত মুকলি কৰি দিয়ে ৷ জিলাখনৰ পৰা এই পৰ্যন্ত মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডত মুঠ দহ জনক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰে সাতজন শিক্ষক, দুজন ছাত্র আৰু এজন সাধাৰণ লোক ।

লগতে পঢ়ক:HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ সন্দেহত লখিমপুৰৰ দুই শিক্ষকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.