অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতি গঠন

author img

By

Published : Sep 19, 2021, 9:05 PM IST

the-welcomed-committee-of-assam-sahitya-sabha-convention-has-been-constituted

২০২২ বৰ্ষত নাৰায়ণপুৰত অনুস্থিত হ'ব অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন ৷ ইয়াৰ বাবে দেওবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যপৃষ্ঠপোষক হিচাপে লৈ গঠন কৰা হয় এখন শক্তিশালী আদৰণি সমিতি ৷

বিহপুৰীয়া, 19 ছেপ্তেম্বৰ : অসম সাহিত্য সভাৰ 2020 বৰ্ষৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ দ্বি-বাৰ্ষিক নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতি গঠনৰ উদ্দেশ্যে দেওবাৰে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা ৷ অধিৱেশনৰ প্ৰস্তুতি সমিতিৰ সভাপতি যোগেন্দ্ৰ নাথ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনতে নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতি খন গঠন কৰা হয় ৷

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতি গঠন

সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যপৃষ্ঠপোষক, সাংসদ পল্লৱলোচন দাসক পৃষ্ঠপোষক, ড৹ অমিয় কুমাৰ ভূঞাক সভাপতি, ড৹ ঈশ্বৰ শৰ্মা ভৰালী আৰু উপেন হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয় ৷ সভাখনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যদ্বয় মৃনাল হাজৰিকা আৰু অখিল কলিতাই পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰে ৷

প্ৰায় 5 শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামী, মুনিন্দ্ৰ নাৰায়ণ গোস্বামীৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে ৷ ২০২২ বৰ্ষত নাৰায়ণপুৰত অনুস্থিত হ'ব অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন ৷

লগতে পঢ়কঃ যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি; গুৱাহাটী মহানগৰীত খৰচী হৈ পৰিছে যাতায়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.