ETV Bharat / state

কিশোৰীৰ হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপঃ নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jul 27, 2020, 5:03 PM IST

নাৰায়ণপুৰ থানাৰ অন্তৰ্গত শংকৰপুৰ গাঁৱৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি চিপ দিয়াৰ অভিযোগত প্ৰতিবাদমুখৰ হৈ উঠে একাংশ ৰাইজ ৷ পোন্ধৰদিনৰ পূৰ্বে সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী নাৰায়ণপুৰ থানাৰ সমুখত ৷

terror at Narayanpur,villagers protest against rape and murder of a girl
এগৰাকী কিশোৰীৰ হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগত নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি

বিহপুৰীয়া,27 জুলাইঃ নাৰায়ণপুৰ থানাত উত্তপ্ত পৰিস্থিতি ৷ পোন্ধৰ দিন পূৰ্বে নাৰায়ণপুৰ থানাৰ অন্তৰ্গত শংকৰপুৰ গাঁৱত এগৰাকী বিধৱা মাতৃৰ একমাত্ৰ কন্যাক একে গাঁৱৰে বিনয় বৰা নামৰ এজন যুৱকে ধৰ্ষণ কৰি চিপ দিয়াৰ অভিযোগ গাঁওবাসীৰ ৷ যুৱকজনক ফাঁচিৰ দাবীত সোমবাৰে শতাধিক পুৰুষ মহিলাৰ প্ৰতিবাদ নাৰায়ণপুৰ থানাৰ সন্মুখত ৷ হত্যাকাৰীৰ ফাঁচিৰ দাবীৰে সৰৱ হৈ উঠিছে প্ৰতিবাদী জনসাধাৰণ ৷

এগৰাকী কিশোৰীৰ হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগত নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি

পোন্ধৰ দিন পূৰ্বে ১৩ বছৰীয়া কিশোৰীগৰাকী চিপ লৈ আত্মহত্যা কৰাৰ খবৰে গাঁওবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ মাতৃয়ে চাহ বাগানত হাজিৰা কৰিবলৈ যোৱাৰ পাছত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা ঘটনাক সহজভাৱে ল'ব নোৱাৰি গাঁওবাসীয়ে নিজাকৈ অনুসন্ধান চলালে ৷ অনুসন্ধানত তেওঁলোকে জানিব পাৰিলে একে গাঁৱৰে যুৱক বিনয় বৰাই ঘৰত কোনো নথকাৰ সুবিধাৰে প্ৰথম বলাৎকাৰ কৰি তাৰ পিছত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছিল কিশোৰীগৰাকীৰ ৷ আৰক্ষীয়ে কেৱল মৃতদেহ পৰীক্ষা কৰি দায়িত্ব সামৰাৰ পাছত মাতৃয়ে 25 জুলাইত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু তাৰ পিছতে আৰক্ষীয়ে আটক কৰে অভিযুক্ত যুৱকজনক ৷

লগতে পঢ়কঃশীঘ্ৰেই ছবি নিৰ্মাণ হ'ব COVID-19ৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.