লাভলীনাৰ সফলতা কামনাৰে নাৰায়ণপুৰত জাচিংফা পূজা

author img

By

Published : Aug 2, 2021, 10:12 PM IST

puja for lovlina borgohain

সোমবাৰে নাৰায়ণপুৰত লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ সফলতা কামনা কৰি জাচিংফা পূজা অনুষ্ঠিত কৰে টাই আহোম জনগোষ্ঠীয় লোকসকলে ৷ টকিঅ’ অলিম্পিক (Tokyo Olympics)ত যাতে লাভলীনাই সোণৰ পদক (Gold Medal) কঢ়িয়াই আনিব পাৰে তাৰে কামনাৰে অনুষ্ঠিত হয় এই পূজা ৷

বিহপুৰীয়া, 2 আগষ্ট : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ সফলতা কামনা কৰি পূজা-অৰ্চনা কৰে টাই আহোম জনগোষ্ঠীয় লোকসকলে ৷ সম্পূৰ্ণ টাই আহোম পৰম্পৰাৰে সোমবাৰে অনুষ্ঠিত কৰা হয় এই পূজাভাগ ৷ টকিঅ’ অলিম্পিক (Tokyo Olympics)ত যাতে লাভলীনাই সোণৰ পদক (Gold Medal) কঢ়িয়াই আনে সেই কামনাৰে অনুষ্ঠিত কৰা হয় জাচিংফা পূজা ৷

নাৰায়ণপুৰত জাচিংফা পূজা

ৰঙতি যোৰহটীয়া গাঁৱত টাই আহোম ছাত্ৰ সন্থা, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ স্থানীয় আঞ্চলিক সমিতি আৰু জ্ঞানজ্যোতি পুথিভঁৰালৰ সহযোগত স্থানীয় গাঁওবাসীয়ে পূজা অনুষ্ঠিত কৰি লাভলীনা বুঢ়াগোহাঁইৰ মংগল কামনা কৰে । লাভলীনাৰ বিজয় কামনা কৰি ইতিমধ্যে ঠায়ে ঠায়ে বিভিন্ন জাতি-জনগোষ্ঠীয়ে পূজাৰ আয়োজন কৰিছে ৷

লগতে পঢ়ক : লাভলীনাই অসমৰ বাবে সোণ বুটলি অনাৰ আশা লুৰিণৰ

কিছুদিন পূৰ্বে লাভলীনা বৰগোহাঁইক উৎসাহ প্ৰদান কৰিবলৈ চাইকেল ৰেলী কৰাৰ পাচতে মৰাণত আটাছু (AATASU)ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বাণ-ফী পূজা ৷

চলিত টকিঅ’ অলিম্পিকত অসম কন্যা, বক্সাৰ লাভলীনা বৰগোঁহাই যাতে বিজয়ী হৈ আহিব পাৰে, তাৰে কামনাৰে আটাছুৰ উদ্যোগত তথা তিলৈ নগৰ নতুন গাঁওবাসীৰ সহযোগত আহোমৰ পৰম্পৰাৰ নীতি নিয়মেৰে বাণ-ফী পূজা অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক : লাভলীনাৰ বিজয় কামনাৰে আটাছুৰ বাণ-ফী পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.