ETV Bharat / state

Students beaten by Senior students: জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত দশম শ্ৰেণীৰ ৩০ জনতকৈও অধিক ছাত্ৰ

author img

By

Published : Mar 5, 2023, 10:29 PM IST

Students beaten by Senior students at Lakhimpur Jawahar Navodaya Vidyalaya
জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত দশম শ্ৰেণীৰ ৩০ জনতকৈও অধিক ছাত্ৰ

পুনৰ লখিমপুৰস্থিত বিহপুৰীয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্ৰক প্ৰহাৰৰ ঘটনা ৷ দ্বাদশ শ্ৰেণীৰ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত ধৰাশায়ী হৈছে দশম শ্ৰেণীৰ 30 জনতকৈও অধিক ছাত্ৰ (Students beaten by Senior students)।

জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত দশম শ্ৰেণীৰ ৩০ জনতকৈও অধিক ছাত্ৰ

বিহপুৰীয়া, 5 মাৰ্চ : কালিকা লাগিছে জৱাহৰ নৱোদয় বিদ্যালয়ত ৷ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ইটোৰ পিচত আনটোকৈ মাৰপিটৰ ঘটনা ৷ এইবাৰ পুনৰ লখিমপুৰস্থিত বিহপুৰীয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্ৰক প্ৰহাৰৰ ঘটনা পোহৰলৈ আহিছে (Jawahar Navodaya Vidyalaya in Lakhimpur) ৷ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত ধৰাশায়ী দশম শ্ৰেণীৰ 30 জনতকৈও অধিক ছাত্ৰ (Students beaten by Senior students) ৷

দুটা মোবাইল হেৰুওৱাক কেন্দ্ৰ কৰি শনিবাৰে পুৱাৰ ভাগত বিদ্যালয়ৰ শ্ৰেণীকোঠালৈ মাতি নি দ্বাদশ শ্ৰেণীৰ 8 জন ছাত্ৰই দশম শ্ৰেণীৰ ছাত্ৰসকলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । উল্লেখ্য যে বিদ্যালয়খনৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা অনুষ্ঠিত হৈ আছিল ৷

তাৰ মাজতেই পুৱা শুই উঠাৰ পিচতে দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকলে দুটা মোবাইল হেৰুওৱা দেখি, দশম শ্ৰেণী আৰু নৱম শ্ৰেণীৰ ছাত্ৰসকলক দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠালৈ মাতি পঠিয়ায় ৷ তাৰ পিচতে কোনো সোধা পোছা নকৰাকৈয়ে দুয়োটা শ্ৰেণীৰ ছাত্ৰসকলক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে দশম শ্ৰেণীৰ 8 ছাত্ৰই (Students beaten at Jawahar Navodaya Vidyalaya) ৷

এই ঘটনাত তিনিজন ছাত্ৰৰ অৱস্থা সংকটজনক হৈ পৰে ৷ পাচত ভুক্তভোগী ছাত্ৰৰ অভিযোগৰ ভিত্তিত বিদ্যালয়ৰ অধ্যক্ষই আটাইকেইজন ছাত্ৰক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ লগতে নাৰায়ণপুৰ আৰক্ষীক গতাই দিয়ে । ইফালে আঘাতপ্ৰাপ্ত ছাত্ৰকেইজনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত নাৰায়ণপুৰ থানাত গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে, 2022 চনৰ 19 আগষ্টত জৱাহৰ নবোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত এজন ছাত্ৰ গুৰুতৰভাৱে আহত হৈছিল ৷ মাজুলীৰ প্ৰাগজ্যোতি দলে নামৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰক দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰই আক্ৰমণ কৰাৰ ফলত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত জীৱন মৃত্যুৰে যুঁজিব লগা হৈছিল (Brutal torture with Student of JNV) ৷

বিদ্যালয়খনৰ অনুশাসনহীনতাৰ বাবে সময়ে সময়ে ছাত্ৰৰ মাজত সৃষ্টি হোৱা মাৰপিটৰ বাবে কেইবাজনো ছাত্ৰক বিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰিব লগা হোৱাৰ লগতে এনে ঘটনাই সঘনাই সংঘটিত হৈ আহিছে ৷

লগতে পঢ়ক: বিহপুৰীয়া নবোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.