ETV Bharat / state

Quit India Movement: লখিমপুৰত মুক্তি যুঁজাৰুক স্মৰণ

author img

By

Published : Aug 9, 2023, 7:12 PM IST

Remembering freedom fighters in Lakhimpur
লখিমপুৰত মুক্তি যুঁজাৰুক স্মৰণ

বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় ভাৰত ত্যাগ আন্দোলনৰ ঐতিহাসিক দিৱস । লখিমপুৰতো জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত জিলা মুক্তি যুঁজাৰু সন্মিলনৰ স্মৃতি ভৱনত এই দিৱস পালন কৰা হয় ।

লখিমপুৰত মুক্তি যুঁজাৰুক স্মৰণ

লখিমপুৰ,৯ আগষ্ট: লখিমপুৰত ভাৰত ত্যাগ আন্দোলনৰ ঐতিহাসিক দিৱস পালন । লখিমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত বুধবাৰে জিলা মুক্তি যুঁজাৰু স্মৃতি ভৱনত ভাৰত ত্যাগ আন্দোলনৰ ঐতিহাসিক দিন উদযাপন কৰা হয় । এই কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে মুক্তি যোদ্ধা ভোলানাথ নগৰীয়াই । বন্তি প্ৰজ্বলন কৰে ড০ পুস্প বৰাই । এই উপলক্ষে আয়োজন কৰা সভাত বক্তাসকলে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ পটভূমি ব্যাখা কৰাৰ লগতে উদযাপন কৰা দিৱসটোৰ তাৎপর্য সম্পর্কে অবলোকন কৰে ।

লগতে পঢ়ক: APCC slams CM Himanta: তাচ্ছিল্য কৰাৰ বিপৰীতে মুখ্যমন্ত্রীয়ে বিষয়ৰ গভীৰতা উপলব্ধি কৰিব লাগিছিল; প্ৰদেশ কংগ্ৰেছ

ভাৰতৰ অতীত গৌৰৱৰ ধাৰা প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বোৱাই নি সকলোকে দেশৰ গৌৰৱময় ইতিহাসৰ জৰিয়তে গৰ্বিত কৰি দেশপ্ৰেমেৰে বান্ধি ৰখাৰো পোষকতা কৰে বক্তাসকলে । কালক্ৰমত উত্তৰ পুৰুষৰ মাজত দেশপ্রেমৰ অভাৱ প্ৰত্যক্ষ কৰা বুলি অনুভৱ ব্যক্ত কৰি মুক্তি যোদ্ধা আৰু মুক্তি যোদ্ধাৰ উত্তৰসুৰীসকলে সভাখনত ব্যক্তব্য আগবঢ়াই ।

বক্তাসকলে নিজ নিজ বক্তব্যত কয় যে, যি জাতি নিজৰ ঐতিহ্য সম্পৰ্কে সচেতন নহয় তেনে জাতিৰ ভবিষ্যৎ বৰ মসৃণ নহয় । দেশৰ বাবে সাহসেৰে জীৱন দিয়া, ত্যাগ স্বীকাৰ কৰা পূর্বপুৰুষসকলৰ বীৰত্ব, দেশপ্ৰেম, জাতীয় দায়বদ্ধতা আদিক উত্তৰ পুৰুষে অন্তৰত উজ্জীৱিত কৰি ৰাখি দেশৰ হকে কাম কৰি যাবলৈ বক্তাসকলে আহ্বান জনায় । বৰ্তমান তথা ভৱিষ্যৎ প্ৰজন্মই নিজৰ জাতিটো তথা দেশখনৰ মান-মৰ্যাদা অটুট ৰখাৰ ক্ষেত্ৰত মুক্তি যুঁজাৰুসকলৰ কাহিনীৰ পৰা যথেষ্ট প্ৰেৰণা লাভ কৰিব বুলিও তেওঁলোকে আশা প্ৰকাশ কৰে । সভাখনত কেইবাজনো মুক্তি যোদ্ধাৰ লগতে ভালেমান প্ৰয়াত তথা জীৱিত মুক্তি যোদ্ধাৰ পৰিয়ালৰ লোকে অংশগ্রহণ কৰে ।

উল্লেখ্য যে, ব্ৰিটিছ যুদ্ধৰ বাবে ভাৰতীয় সমৰ্থন আদায় কৰাত ক্ৰিপছ মিছনৰ বিফলতাৰ পিছত, মহাত্মা গান্ধীয়ে ১৯৪২ চনৰ ৯ আগষ্টত মুম্বাইৰ গোৱানিয়া টেংক মৈদানত প্ৰদান কৰা তেওঁৰ ভাৰত ত্যাগ ভাষণত “কৰিম কিম্বা মৰিম”ৰ বাবে আহ্বান জনাইছিল । গান্ধীয়ে কোৱা ভাৰতৰ পৰা "ব্ৰিটিছৰ শাসন প্ৰত্যাহাৰ"ৰ দাবীত কংগ্ৰেছ সমিতিয়ে এক গণ প্ৰতিবাদ আৰম্ভ কৰিছিল । মহাত্মা গান্ধীৰ আহ্বানৰ প্ৰতি উদ্বুদ্ধ হৈ এই আন্দোলনত অসমৰো বহু মুক্তি যুঁজাৰু জঁপিয়াই পৰিছিল ।

লগতে পঢ়ক: Moirabari police arrested four thieves:চুৰি কৰা ই-ৰিক্সা সহ চাৰি চোৰ মৈৰাবাৰী আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.