বিতৰ্কিত অধ্যক্ষৰ নিলম্বনৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Oct 1, 2022, 9:57 PM IST

Protest against North Lakhimpur College principal by AASU

আছুয়ে আজি দাহ কৰে উত্তৰ লখিমপুৰ কলেজৰ বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ পুত্তলিকা দাহ(Lakhimpur College principal portrait burnt) ৷ প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে ছাত্ৰ সন্থাৰে সংঘাত একাংশ কংগ্ৰেছ কৰ্মীৰ ৷

লখিমপুৰ,১ অক্টোবৰ: উত্তৰ লখিমপুৰ কলেজৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ নিলম্বনৰ দাবী জনায় উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ(Protest against North Lakhimpur College principal)৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰ লখিমপুৰ কলেজৰ অধ্যক্ষগৰাকীৰ আপত্তিজনক ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমযোগে ৷ তাৰ পিছতেই বিভিন্ন দল-সংগঠনে অধ্যক্ষগৰাকীৰ নিলম্বনৰ দাবী জনায় গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচীৰ ৷

বিতৰ্কিত অধ্যক্ষৰ নিলম্বনৰ দাবীত আছুৰ প্ৰতিবাদ

শণিবাৰ অৰ্থাৎ আজি পুনৰ অধ্যক্ষগৰাকীয়ে দায়িত্বভাৰ লোৱাৰ বিষয়ে অৱগত হৈ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই উত্তাল কৰি তোলে কলেজ চৌহদ ৷ 'বিমান চেতিয়া গ' বেক', 'বিমান চেতিয়াক বহিস্কাৰ কৰক' আদি শ্লোগানেৰে আছুৱে উত্তাল কৰি তোলে কলেজ চৌহদ (AASU demanded Biman Chandra Chetia s suspension)৷ লগতে বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোয়ে ৷ আছু কৰ্মীয়ে বিমান চন্দ্ৰ চেতিয়াৰ প্ৰতিকৃতি দাহ কৰাৰ সময়তে কংগ্ৰেছ কৰ্মী উপস্থিত হৈ আছু কৰ্মীৰে সৈতে তৰ্কত লিপ্ত হয়(Lakhimpur College principal portrait burnt) ।

লগতে পঢ়ক: নাগালেণ্ডত 6 মাহৰ বাবে আফস্পা বৃদ্ধি কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.