নাগালেণ্ডত 6 মাহৰ বাবে আফস্পা বৃদ্ধি কেন্দ্ৰৰ

author img

By

Published : Oct 1, 2022, 10:07 AM IST

AFSPA

কেন্দ্ৰই নাগালেণ্ডৰ নখন জিলাৰ ১৬ খন আৰক্ষী থানা আৰু চাৰিখন জিলাত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ ৰ ম্যাদ বৃদ্ধি কৰিছে (AFSPA extended in Nagaland) ।

নিউজ ডেস্ক, ১ অক্টোবৰ : গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এক জাননী অনুসৰি, কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ নখন জিলাত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনৰ সময়সীমা বৃদ্ধি কৰিছে (Armed Forces Special Powers Act) । জিলাকেইখন হৈছে ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, মন, কিফিৰে, নকলক, ফেক, পেৰেন আৰু জুনহেবোটোক । শনিবাৰ, ১ অক্টোবৰৰ পৰা অহা বছৰৰ ৩০ মাৰ্চলৈ এই সময়সীমা বৃদ্ধি কৰা হৈছে (AFSPA extended for 6 months in Nagaland) ।

তদুপৰি, ভাৰত চৰকাৰে (Government of India) কোহিমা জিলাৰ পাঁচখন আৰক্ষী থানাকে ধৰি নাগালেণ্ডৰ চাৰিখন জিলাৰ ১৬ খন আৰক্ষী থানাৰ অধীনৰ অঞ্চলসমূহত আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে । মকোকচুং জিলাৰ ছয়খন আৰক্ষী থানা; লংলেং জিলাৰ য়াংলোক আৰক্ষী থানা আৰু ৱোখা জিলাৰ চাৰিখন আৰক্ষী থানাৰ অধীনৰ অঞ্চলবোৰতো এই সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে ।

এই 16 খন আৰক্ষী থানাৰ ভিতৰত আছে কোহিমা জিলাৰ খুজামা, কোহিমা উত্তৰ, কোহিমা দক্ষিণ, জুবজা আৰু কেজোচা আৰক্ষী থানা; মকোকচুং জিলাৰ মাংকোকলেম্বা, মকোকচুং-এল, লংথো, টুলি, লংচেম আৰু আনাকী 'চি' আৰক্ষী থানা; লংলেং জিলাৰ য়াংলোক আৰক্ষী থানা আৰু ৱাখা জিলাৰ ভাণ্ডাৰী, চম্পাং, ৰালান আৰু চানগ্ৰো আৰক্ষী থানা ।

লগতে পঢ়ক :West Bengal SSC scam: পাৰ্থ চেটাৰ্জীসহ 15 জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.