ETV Bharat / state

নাৰায়ণপুৰত আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণ

author img

By

Published : Dec 14, 2020, 11:59 AM IST

নাৰায়ণপুৰ আৰক্ষী থানাৰ সহযোগত নাৰায়ণপুৰৰ ঐতিহাসিক ডেবেৰাপাৰ থান চৌহদত গাঁওৰক্ষী বাহিনীৰ অৰ্ধশতাধিক সদস্যৰ দ্বাৰা পৰিবেশ নিকাকৰণৰ লগতে গছপুলি ৰোপণ ৷ গছ থাকিলেহে মানুহ থাকিব শীৰ্ষক শ্ল'গানেৰে উক্ত কাৰ্যসূচী ৰূপায়ণ ৷

plantation drive at narayanpur in lakhimpur
নাৰায়ণপুৰত আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণ

বিহপুৰীয়া, 14 ডিচেম্বৰ: নাৰায়ণপুৰৰ ঐতিহাসিক ডেবেৰাপাৰ থান চৌহদত নাৰায়ণপুৰ আৰক্ষী থানাৰ সহযোগত গাঁওৰক্ষী বাহিনীৰ অৰ্ধশতাধিক সদস্যই পৰিবেশ নিকাকৰণৰ লগতে গছপুলি ৰোপণ কৰে । নাৰায়ণপুৰ থানা এলেকাৰ 40 টাৰো অধিক গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকে অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচীত ঐতিহাসিক থানখনৰ চৌপাশৰ পৰিবেশ নিকাকৰণৰ পিছতে উন্নত জাতৰ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে ।

tea plantation drive at narayanpur in lakhimpur
গছ থাকিলেহে মানুহ থাকিব শীৰ্ষক শ্ল'গানেৰে কৰা কাৰ্যসূচীত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ

গছ থাকিলেহে মানুহ থাকিব শ্ল'গানেৰে ৰূপায়ণ কৰা উক্ত কাৰ্যসূচীৰ পিছতে থানা চৌহদতে এখন সজাগতা সভা অনুষ্ঠিত হয় । কাৰ্যসূচীত নাৰায়ণপুৰ থানা গাঁওৰক্ষী বাহিনীৰ চক্ৰ বিষয়া ৰাজীৱ দত্ত,সভাপতি প্ৰাঞ্জল বৰা,আৰক্ষী বিষয়া ডিম্বেশ্বৰ বৰুৱা,নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ সম্পাদক উপেন হাজৰিকা প্ৰমুখ্যে বহু লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:ভগৱানো সাৰি নগ'ল চোৰৰ হাতত : লখিমপুৰত শ্ৰীকৃষ্ণৰ মূৰ্তি চুৰি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.