ETV Bharat / state

Swine flu infection in Lakhimpur : ছোৱাইন ফ্লুৱে চকুপানী নিগৰাইছে গাহৰি পালকক

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 3:07 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছোৱাইন ফ্লুৰ সংক্ৰমণ ৷ লখিমপুৰতো সংক্ৰমণ হৈছে আফ্রিকান ছোৱাইন ফ্লু ৷ সোমবাৰে 300 টা গাহৰি নিধন কৰিলে পশু চিকিৎসকে ৷

Swine flu infection in Lakhimpur
ছোৱাইন ফ্লুৱে চকুপানী নিগৰাইছে গাহৰি পালকক

ছোৱাইন ফ্লুৱে চকুপানী নিগৰাইছে গাহৰি পালকক

লখিমপুৰ, 4 ছেপ্টেম্বৰ : ৰাজ্যত ভয়াবহ ৰূপ লৈছে আফ্রিকান ছোৱাইন ফ্লুৱে ৷ ফলত হাহাকাৰ অৱস্থা গাহৰি পালকৰ ৷ লখিমপুৰতো সংক্ৰমিত হৈছে আফ্রিকান ছোৱাইন ফ্লু ৷ জিলাখনৰ বিভিন্ন স্থানত গাহৰি ছোৱাইন ফ্লুত আক্ৰান্ত বুলি পশু চিকিৎসাকে নিশ্চিত কৰাৰ পাচতে গাহৰি নিধন কাৰ্য আৰম্ভ কৰিছে ৷

সোমবাৰে জিলাখনৰ বিভিন্ন স্থানত প্ৰায় 300 টা গাহৰি নিধন কৰিছে জিলাখনৰ পশু চিকিৎসকে ৷ এই ৰোগে যাতে জিলাখনত মহামাৰীৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে জিলা পশু চিকিৎসকে সতৰ্কতামূলক ব্যৱস্থা হিচাপে গ্রহণ কৰিছে গাহৰি নিধন প্ৰক্ৰিয়া ৷ নতুনকৈ যাতে গাহৰি সংক্রমিত হ’ব নোৱাৰে তাৰ বাবে আক্রান্ত গাহৰি নিধন কৰাৰ পদক্ষেপ লৈছে । জিলাখনত এই ৰোগ সংক্ৰমণ হোৱা স্থানসমূহ চিনাক্ত কৰি সোমবাৰৰ পুৱাৰ পৰা গাহৰি নিধন অভিযান চলায় 25 জনীয়া চিকিৎসকৰ দলে ।

বিশেষকৈ নগৰৰ নাতি দূৰৈৰ লামু গাঁৱত তিনি শতাধিক গাহৰি নিধন কৰে । কেইবাখনো গাহৰি পামত বিভাগৰ এটা 25 জনীয়া দলে বৈদ্যুতিক শ্ব’ক দি তিনি শতাধিক গাহৰি নিধন কৰে । জিলাখনত 906 টা গাহৰি নিধন কৰাৰ আঁচনি লৈ পুৱাৰ পৰা লামু গাঁৱত অভিযান চলাই পশু চিকিৎসকে ।

গাহৰিসমূহ হত্যা কৰাৰ ফলত লখিমপুৰৰ লামুগাঁৱৰ পশুপালনেৰে স্ব-নিৰ্ভৰশীল উদ্যোগী সকলৰ চকুত চকুলো । গাহৰি পালকৰ সন্মুখতে শ শ গাহৰি নিধন কৰাৰ দৃশ্য চাই কান্দি উঠে । ফলত লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে গাহৰি পালকসকলৰ ৷ গাহৰি পালনৰ যোগেদি সংস্থাপিত নিবনুৱাৰ বাবে সংস্থাপনৰ পথ বন্ধ হ’ল এই ভয়াবহ ভাইৰাছৰ বাবে ।

লগতে পঢ়ক:Asomiya yuva mancha protest: লখিমপুৰত জ্বলিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.