ETV Bharat / state

দিহিৰী নৈয়ে বিপদ মাতিছে নাৰায়ণপুৰলৈ

author img

By

Published : Jun 9, 2021, 9:07 PM IST

Water level of Dihiri river increases, feared people At Narayanpur
দিহিৰী নৈৰ গতি সলনি কৰাৰ অপ্ৰাণ চেষ্টা নৈপৰীয়া ৰাইজৰ

অৰুণাচল পাহাৰৰ পৰা বৈ অহা দিহিৰী নদীয়ে ভয়ংকৰৰূপ লোৱাৰ ফলত নাৰায়ণপুৰৰ ৰাজগড়-ৰঙতি গাঁৱৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে ৷ চৰকাৰলৈ বাট নেচাই খৰস্ৰোতা নদী খন ভেটি গতি সলনি কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে ৰাইজে ৷

বিহপুৰীয়া, 9 জুন : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিআলি সন্দিকৈ গাঁৱৰ মাজেৰে বৈ যোৱা দিহিৰী নৈৰ গতিপথ সলনি হোৱাত এতিয়া শংকিত হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । বিগত দিনত নৈ খনৰ বাঢ়নী পানীৰ শ-শ বিঘা কৃষিভূমি বালিৰে পুতি পেলোৱাত এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ । ইফালে বিগত বানত শতাধিক পৰিয়ালৰ ঘৰ-বাৰি বুৰাই পেলোৱাৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে ৰাইজৰ ।

দিহিৰী নৈৰ গতি সলনি কৰাৰ অপ্ৰাণ চেষ্টা নৈপৰীয়া ৰাইজৰ

উল্লেখ্য যে, নৈখনৰ গতিপথ সলাবলৈ পঞ্চায়ত কৰ্তৃপক্ষৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আহ্বান জনোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ কৰিছে ৰাইজে । আগন্তুক বানৰ প্ৰতি লক্ষ্যৰাখি অঞ্চলটোৰ ৰাইজে অৱশেষত চৰকাৰ-প্ৰশাসনলৈ বাট নাচাই নিজা প্ৰচেষ্টাৰে খৰস্ৰোতা নদীখনৰ পূৰ্বৰ গতি ধাৰাৰেই বোৱাই নিয়াৰ চেষ্টা চলাইছে । এই জ্বলন্ত সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক-মথাউৰি ভাঙি গহপুৰ নগৰৰ সৈতে বিচ্ছিন্ন কেইবাখনো গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.