ETV Bharat / state

Swachh Bharat Abhiyan in Assam : মিনি ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবসিত লখিমপুৰৰ ত্যাগ ক্ষেত্র

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:30 PM IST

Mini dumping ground in Lakhimpur
ত্যাগ ক্ষেত্রত স্বচ্ছতাৰ বিপৰীত চিত্র

সমগ্র দেশ অথবা ৰাজ্যত এতিয়া স্বচ্ছতা অভিযানৰ শ্লোগান । সামাজিক মাধ্যমৰ পৰা সংবাদ মাধ্যমলৈ সকলোতে ঝাড়ু মাৰি স্বচ্ছতা চলোৱাৰ আলোকচিত্র । পিছে বাস্তব ক্ষেত্রত কিমান সফল এই স্বচ্ছ অভিযান। লখিমপুৰৰ এক দৃশ্যপটেৰে এক প্ৰতিবেদন ।

ত্যাগ ক্ষেত্রত স্বচ্ছতাৰ বিপৰীত চিত্র

লখিমপুৰ, ১১ অক্টোবৰ: লখিমপুৰত ফুটি উঠিছে স্বচ্ছতাৰ এখন বিপৰীত চিত্র । ৰাজহুৱা স্থানত পুঁতিগন্ধময় পৰিবেশ দেখিবলৈ পোৱা গৈছে নগৰৰ ত্যাগ ক্ষেত্রত । ত্যাগ ক্ষেত্রত মাহটোৰ সৰহভাগ সময় হাজাৰ হাজাৰ লোকৰ সমাগমে মুখৰ হৈ থাকে । জিলা আৱৰ্ত ভৱনৰ সন্মুখতে থকা ত্যাগ ক্ষেত্রত চৰকাৰী বিভিন্ন কাৰ্যসূচী নাইবা বিভিন্ন দল সংগঠনৰ কাৰ্যসূচীৰে মাহটোৰ সৰহভাগ সময় মুখৰ হৈ থাকে । এনে কাৰ্যসূচী সমূহত হাজাৰ হাজাৰেই নহয় লক্ষাধিক লোকৰ সমাবেশ হয় ।

এই ত্যাগ ক্ষেত্রৰ এফালে আছে ভালেখিনি খাদ্য বিপণী । ফুড ক'ৰ্ট নামৰ এফালে খাদ্য বিপণীৰ পৰা মাজত মাথো দহ মিটাৰ মানৰ ব্যবধানত ত্যাগ ক্ষেত্রৰ মঞ্চৰ লগতে বিভিন্ন দল সংগঠন অথবা চৰকাৰী কাৰ্যসূচীৰ বাবে সজা অস্থায়ী মণ্ডপৰ স্থান । এই দুয়ো স্থানৰ মাজত এটা পুখুৰী সদৃশ ডাঙৰ গাত। এই গাতটো এতিয়া একপ্ৰকাৰ ডাম্পিং গ্ৰাউণ্ডৰ ৰূপ ধাৰণ কৰিছে । গেলা-পচা জাবৰ জোথৰৰ পৰা ফুড ক'ৰ্টৰ পেলনীয়া সামগ্রীলৈকে সকলো বস্ত পেলোৱা এই গাতটোৱে পুঁতিগন্ধময় ৰূপ ধাৰণ কৰিছে ।

এফালে খাদ্য বিপণী আৰু আনফালে হাজাৰ হাজাৰ লোকৰ সমাবেশৰ স্থান। তাৰ মাজতে সৃষ্টি হৈছে এই পুঁতিগন্ধময় পৰিবেশ । এয়া কোনো আওহতীয়া স্থানৰ দৃশ্য নহয় । আৱৰ্ত ভৱনৰ সন্মুখতে সৃষ্টি হোৱা এই পৰিৱেশক স্বচ্ছতা অভিযানে ঢুকি পোৱাগৈ নাই । যাৰ বাবে দিনে নিশাই চিঞৰি থকা স্বচ্ছতা অভিযানৰ সফলতাৰ ক্ষেত্রত এক ডাঙৰ প্ৰশ্ন বোধক চিন তুলিছে ।

উল্লেখ্য় যে সমগ্র ৰাজ্যত এতিয়া উন্নয়নমূলক আঁচনিৰ সমানে সঘন উচ্চাৰিত শব্দটো হৈছে স্বচ্ছতা । চৌদিশে পৰিবেশ পৰিছন্ন কৰি ৰখাৰ চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰিও আশাব্যঞ্জক । বিশেষকৈ জিলা প্ৰশাসনৰ মুৰব্বীৰ পৰা বিষয়া বৰ্গ, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে চৰকাৰী আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজা কাৰ্যালয়সমূহৰ উপৰি আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাজহুৱা স্থানত প্ৰায়েই চাফাই অভিযান চলাই আহিছে । তেওঁলোকৰ চাফাই অভিযান চলোৱা আলোকচিত্র সমূহে সেই কথাই প্ৰমাণ কৰি আহিছে । পিছে এই অভিযানৰ বাস্তৱ চিত্রখন কিন্তু ওলোটা ।

চৰকাৰী কাৰ্যালয়সমূহৰ একাংশৰ সন্মুখভাগ চাফা হয় ঠিকেই, কিন্তু পিছ ফালে চাব নোৱাৰা অৱস্থা । একাংশ কাৰ্যালয়ৰ পিছফালে কদৰ্যময় পৰিৱেশ। লেতেৰা বয়-বস্তুৰ লগতে আৱৰ্জনাৰ বস্তাৰ দমে অস্বাস্থ্য়কৰ পৰিৱেশে সৃষ্টি কৰি ৰাখিছে । সন্মুখ ভাগ চাফা কৰি কেৱল লোকক দেখুৱা পিছফালে কদৰ্যময় পৰিবেশ কৰি ৰখা চৰকাৰী কাৰ্যালয়ৰ সংখ্যা বৰ কম নহয় ।

লগতে পঢ়ক:Hamas attack on Israel : ইজৰাইলত হামাছৰ আক্ৰমণৰ প্ৰভাৱ ভাৰত-আৰব সম্পৰ্কত পৰাৰ সম্ভাৱনা নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.