ETV Bharat / state

লখিমপুৰত ভুৱা প্ৰতিষ্ঠান খোলাৰ নামত প্ৰৱঞ্চকৰ জাল

author img

By

Published : May 18, 2019, 2:10 PM IST

ভুৱা প্ৰতিষ্ঠান খোলাৰ টোপ দি কোনো দুষ্ট চক্ৰই সৰকাইছে লাখ লাখ টকা । অৱশেষত লখিমপুৰ ছাত্ৰ সন্থাৰ তৎপৰতাত জালত পৰিল দুষ্ট চক্ৰটোৰ নায়ক আটিকুল ইছলাম আৰু খাজাল উদ্দিন ৷

লখিমপুৰত ভুৱা প্ৰতিষ্ঠান খোলাৰ নামত প্ৰৱঞ্চকৰ জাল

লখিমপুৰ, 18 মে': নকল টকা বা নকল সোণৰ পিছত এইবাৰ লখিমপুৰৰ বঙালমৰাত ভুৱা প্ৰতিষ্ঠান খোলাৰ নামত প্ৰৱঞ্চকৰ জাল । ভুৱা প্ৰতিষ্ঠান খোলাৰ টোপ দি কোনো দুষ্ট চক্ৰই অৰুণাচল নাগালেণ্ডৰ একাংশ লোকৰ পৰা সৰকাইছে লাখ লাখ টকা । অৱশেষত লখিমপুৰ ছাত্ৰ সন্থাৰ তৎপৰতাত জালত পৰিল দুষ্ট চক্ৰটোৰ নায়ক আটিকুল ইছলাম আৰু খাজাল উদ্দিন । ধন দিবলৈ আহি নাগালেণ্ডৰ দুই যুৱকৰ সন্দেহ হোৱাত সহায় বিচাৰিলে ছাত্ৰ সন্থাৰ ।

লখিমপুৰত ভুৱা প্ৰতিষ্ঠান খোলাৰ নামত প্ৰৱঞ্চকৰ জাল

উল্লেখ্য যে, ধন দিয়াৰ সময়তে ছাত্ৰ সন্থাৰ একাংশ সদস্যই দুষ্ট চক্ৰটোৰ নায়ক আটিকুল ইছলাম আৰু খাজাল উদ্দিনক আটক কৰি গতাই দিয়ে লখিমপুৰ আৰক্ষীক। ইপিনে ছাত্ৰ সংগঠনৰ সদস্যই দিয়া তথ্য অনুসৰি পূৰ্বেও নাগালেণ্ডৰ দুই ব্যক্তিৰ পৰা দুষ্ট চক্ৰটোৱে সৰকাইছিল ১০ লাখ টকা ৷ বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত লখিমপুৰ আৰক্ষীয়ে দুয়োকে সোধা পোছা অব্যাহত ৰখাৰ লগতে চক্ৰটোৰ লগত জড়িত আন সদস্যৰ সন্ধান অব্যাহত ৰাখিছে ।



NLP FACK COMPANY

নকল টকা বা নকল সোণৰ পিছত এইবাৰ লখিমপুৰৰ বঙালমৰাত ভুৱা প্ৰতিস্থান খোলাৰ নামত প্ৰৱঞ্চককৰ জাল। অৰুণচল নাগালেণ্ডৰৰ একাংশ লোকক ভূৱা প্ৰতিস্থান খোলাৰ টোপ দি দুষ্ট চক্ৰটোৱে সৰকাইছে লাখ লাখ টকা। লখিমপুৰ ছাত্ৰ সন্থাৰ তৎপৰতাত অৱশেষত জালত পৰিল দুষ্ট চক্ৰটোৰ নায়ক আটিকুল ইছলাম আৰু খাজাল উদ্দিন। ধন দিবলৈ আহি নাগালেণ্ডৰৰ দুই যুৱকৰ সন্দেহ ওপজাত সহায় বিচাৰিলে ছাত্ৰ সন্থাৰ । ধন দিয়াৰ সময়তে ছাত্ৰ সন্থাৰ একাংশ সদস্যই দুষ্ট চক্ৰটোৰ নায়ক আটিকুল ইছলাম আৰু খাজাল উদ্দিনক আটক কৰি গতাই দিয়ে লখিমপুৰ আৰক্ষীক। ছাত্ৰ সংগঠনৰ সদস্যৰ মন্তব্য পূৰ্বে নাগালেণ্ডৰ দুই ব্যক্তিৰ পৰা দুষ্ট চক্ৰটোৱে সৰকাইছে ১০ লাখ টকা। লখিমপুৰ আৰক্ষীৰ দুয়োকে সোধা পোছা অৱ্যাহত ৰখাৰ লখতে সন্ধান কৰিছে ভূৱা প্ৰতিস্থানৰ নামত ধন সংগ্ৰহ কৰা চক্ৰটোৰ আন সদস্যৰ।

লখিমপুৰৰ পৰা নীলপৱন সভাপণ্ডিত।

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.