লখিমপুৰ পৌৰসভাৰ এলেকাত পথ নামাকৰণ

author img

By

Published : Sep 24, 2022, 2:10 PM IST

Naming of road in Lakhimpur municipality area

লখিমপুৰ পৌৰসভাৰ এলেকা পথৰ নামকৰণ (Naming of road in Lakhimpur municipality area)। প্ৰয়াত সমাজকৰ্মী, মৌজাদাৰ ডম্বৰু শইকীয়াৰ নামেৰে নামাকৰণ কৰা হয় পথটো (Social worker Dambaru Saikia)।

লখিমপুৰ, 24 ছেপ্টম্বৰ: লখিমপুৰ পৌৰসভাৰ এলেকা পথৰ নামকৰণ (Naming of road in Lakhimpur municipality area)। শনিবাৰে আনুষ্ঠানিকভাৱে নামকৰণ কৰা হয় পথচোৱা । লখিমপুৰ নগৰৰ ছয় নং ৱাৰ্ডৰ আদালতৰ বিপৰীত দিশে থকা পথটো প্ৰতিকূল বতৰৰ মাজতে প্ৰয়াত সমাজকৰ্মী, মৌজাদাৰ ডম্বৰু শইকীয়াৰ নামেৰে নামাকৰণ কৰা হয় (Social worker Dambaru Saikia)।

আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন আৰু ফিটা কাটি নতুন নামৰ পথটো উদ্বোধন কৰে লখিমপুৰ পৌৰসভাৰ পৌৰপতি নিবেদিতা দত্তই । উল্লেখ্য যে, প্ৰয়াত ডম্বৰু শইকীয়াৰ পৰিয়াল বৰ্গৰ আবেদনৰ ভিত্তিত পৌৰ সভাই পথটো বিশিষ্ট ব্যক্তি গৰাকীৰ নামত নামকৰণ কৰিবলৈ অনুমতি দিয়ে ।

লখিমপুৰ পৌৰসভাৰ এলেকাত পথৰ নামকৰণ

লখিমপুৰ সচেতন নাগৰিক সমাজৰ সম্পাদক ছাজাদ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত পৌৰসভাৰ অভিযন্তা পৰাগ দত্ত, ক্ষুদ্ৰ ব্যবসায়ী সন্থাৰ সভাপতি চন্দন চক্ৰৱৰ্তী আদি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ লগতে প্ৰয়াত ডম্বৰু শইকীয়াৰ পৰিয়াল বৰ্গও উপস্থিত থাকে ।

লগতে পঢ়ক: বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.