ETV Bharat / state

লখিমপুৰত ৰহস্যজনক মৃত্যু আৰু হত্যাকাণ্ড

author img

By

Published : Sep 13, 2022, 4:12 PM IST

Lakhimpur
Lakhimpur

লখিমপুৰত সংঘটিত হৈছে দুটাকৈ হত্যা তথা ৰহস্যজনক মৃত্যুৰ ঘটনা (mysterious murders and deaths in Lakhimpur) । এই হত্যা তথা ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লখিমপুৰ, ১৩ ছেপ্টেম্বৰ : লখিমপুৰত সংঘটিত হৈছে দুটাকৈ হত্যা তথা ৰহস্যজনক মৃত্যুৰ ঘটনা (mysterious murders and deaths in Lakhimpur) । এই হত্যা তথা ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰথমটো ঘটনাত স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে পত্নীক (Husband stabs wife to death) । আনহাতে, আনটো ঘটনাত এজন যুৱকে বাগিচাৰ মাজত ৰহস্যজনকভাৱে আত্মহত্যা কৰে (Suspicious suicide case in Lakhimpur)। অৱশ্যে উক্ত ঘটনাটোক ৰাইজে এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে ।

উল্লেখ্য, লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত বলমা গাঁৱত ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হয় । উক্ত ঘটনাত স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে নিজ পত্নীক ৷ হত্যাকাৰী পাষণ্ড স্বামীৰ নাম হৈছে মজিবুৰ ৰহমান ৷ নিশা দুটি কণমানিৰ সন্মুখতে পত্নীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মজিবুৰ নামৰ নৰাধমটোৱে (murder case in Lakhimpur) ৷ অভিযোগ অনুসৰি পূৰ্বতেও আন এগৰাকী পত্নীক হত্যা কৰিছিল মজিবুৰ ৰহমানে ৷

ইফালে নিজ পত্নীক হত্যা কৰি পলায়ন কৰে মজিবুৰ ৰহমানে ৷ হত্যাকাণ্ড সংঘটিত কৰি ওচৰৰে এখন গাঁৱত গৈ পলাই আছিল পাষণ্ডটো । উক্ত ঠাইৰ পৰাই হত্যাকাৰী মজিবুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো তীব্ৰ চাঞ্চল্য বিৰাজ কৰি আছে সমগ্ৰ অঞ্চলটোত ৷ আনহাতে, হত্যাকাৰী মজিবুৰ ৰহমানক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে ৰাইজে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

অন্যহাতে, কয়লামাৰী বাগিচাতো আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হয় । বাগিচাখনত সোমবাৰে নিশা বিকি বিশাল নামৰ যুৱকজনে চিপ লৈ আত্মহত্যা কৰে । বাগিচাখনৰ ১৪ নং লাইন নিবাসী বিকিয়ে মাথোঁ কেইদিনমানৰ পূৰ্বে এগৰাকী কিশোৰীক পলুৱাই আনিছিল যদিও পৰৱৰ্তী সময়ত পিতৃগৃহৰ লোকে কিশোৰীগৰাকীক উভতাই লৈ যায় । বিষয়টোক লৈ দুয়োপক্ষৰ মাজত মীমাংসাৰ কথাবাৰ্তা চলি থকাৰ মাজতে হঠাৎ বিকিয়ে আত্মহত্যা কৰাত চাঞ্চল্যৰ সৃষ্টি কৰে । স্থানীয় ৰাইজে এই ঘটনাটো পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি তদন্তৰ দাবী জনাইছে । এই দুয়োটা ঘটনাই জিলাখনত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Nagaon brutal murder: হত্যাকাৰীয়ে কাটিছিল মহিলাৰ জিভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.