ETV Bharat / state

Municipal Election 2022: টিকটৰ নামত ধন সংগ্ৰহৰ অভিযোগ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে

author img

By

Published : Feb 17, 2022, 10:34 PM IST

Municipal Election 2022
টিকটৰ নামত ধন সংগ্ৰহৰ অভিযোগ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে

পৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে যোগ দিলে বিজেপিত ৷ লখিমপুৰ পৌৰসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতো বিজেপিত যোগ দিলে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীয়ে ৷

লখিমপুৰ, 17 ফেব্ৰুৱাৰী: পৌৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী । এনে সময়ত পৌৰসভা নাইবা নগৰ সমিতিসমূহ দখল কৰিবলৈ শাসক-বিৰোধী উভয়ে টঙালি বান্ধিছে । পিছে লখিমপুৰত বৃহস্পতিবাৰে কংগ্ৰেছৰ বাবে আহিল এক দুঃখবৰ ।

পৌৰ নিৰ্বাচনৰ প্ৰাক মুহুর্তত লখিমপুৰ কংগ্ৰেছত খহনীয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে এজন কংগ্ৰেছৰ প্ৰাৰ্থীয়ে । উল্লেখ্য যে, লখিমপুৰ পৌৰসভাৰ 13নং ৱাৰ্ডৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইন হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰিছিল । ইয়াৰ পিছতো হঠাৎ তেওঁ জিলা বিজেপি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে । ফলত এতিয়া 13নং ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দিতাৰে জয়লাভৰ পথ প্ৰশস্ত হ’ল বিজেপিৰ প্ৰাৰ্থী হিবজুৰ ৰহমান বৰুৱাৰ ।

টিকটৰ নামত ধন সংগ্ৰহৰ অভিযোগ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে

ইফালে বিজেপিত যোগদান কৰিয়ে আশ্ৰাফুলে ঘটালে বিস্ফোৰণ । পৌৰ সভা নিৰ্বাচনত টিকটৰ নামত কংগ্ৰেছত চলিছে ব্যাপক ধনৰ লেনদেন । কংগ্ৰেছৰ বাবে এইয়া মোক্ষম আঘাত হোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ আগমনক লৈ উৎসাহী হৈ পৰে বিধায়ক মানৱ ডেকা । অচিৰেই আৰু কেইবাজনো কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজেপিৰ দুৱাৰদলিত ভৰি থ’ব বুলি মন্তব্য কৰে বিধায়ক মানৱ ডেকাই ।

উল্লেখ্য যে, পৌৰসভাখনৰ ১৩ নং ৱাৰ্ডটোত আন কোনো প্ৰাৰ্থী নথকাৰ বাবে নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ দখললৈ যোৱাটো খাটাং হৈ পৰাত বিজেপিৰ শিবিৰত উল্লাসৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Rajnath Singh fallen on Stage: মঞ্চতে বাগৰি পৰিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.