ETV Bharat / state

৬০ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে ৬বছৰীয়া শিশু

author img

By

Published : Jun 27, 2019, 6:09 PM IST

Updated : Jun 27, 2019, 6:45 PM IST

নাৰায়ণপুৰত ষাঠি উৰ্দ্ধৰ উমেশ্বৰ বৰুৱা নামৰ বৃদ্ধই ধৰ্ষণ কৰে এগৰাকী ৬ বছৰীয়া শিশুক, বৰ্তমানেও চিকিৎসাধীন শিশুগৰাকী

৬০বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে ৬বছৰীয়া শিশু

বিহপুৰীয়া,২৭জুন : বুধবাৰে নাৰায়ণপুৰত সংঘটিত হয় জঘন্য কাণ্ড। ষাঠি উৰ্দ্ধৰ বৃদ্ধই ধৰ্ষণ কৰে এগৰাকী ৬ বছৰীয়া শিশুক। গাঁওখনৰে উমেশ্বৰ বৰুৱা নামৰ বৃদ্ধজনে ঘৰত কোনো নথকাৰ সুবিধা লৈ কল খাবলৈ মাতি আনে শিশুগৰাকীক । নিৰ্যাতিতা শিশুগৰাকী ঘৰলৈ আহি মাতৃক সকলো কথা বিৱৰি কয় । মাতৃয়ে ঘটনা সন্দৰ্ভত নাৰায়ণপুৰ আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ সহযোগত বুধবাৰে নিশা লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । বৰ্তমানেও চিকিৎসাধীন হৈ আছে শিশুগৰাকী ।

৬০বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে ৬বছৰীয়া শিশু

ইফালে আৰক্ষীৰ ভয়ত ঘৰৰ পৰা পলায়ন কৰা উমেশ্বৰ বৰুৱাক বৃহস্পতিবাৰে নাৰায়ণপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । চাৰি পুত্ৰৰ পিতৃ উমেশ্বৰ বৰুৱাই ঘৰত পত্নী-পুত্ৰ-বোৱাৰী নথকাৰ সুবিধা লৈ সংঘটিত কৰে জঘন্য কাণ্ড ৷

Intro: নাৰায়ণপুৰত ষাঠি উৰ্দ্ধৰ বৃদ্ধই ধৰ্ষণ কৰিলে এগৰাকী ৬ বছৰীয়া কন্যা শিশুক৷ নাৰায়ণপুৰৰ বিলতীয়াত ঘটিল এই জঘন্য ঘটনা৷ গাঁওখনৰ উমেশ্বৰ বৰুৱা নামৰ বৃদ্ধটোৱে ঘৰত কোনো নথকাৰ সুবিধা লৈ ফুলকুমলীয়া কন্যা গৰাকীক কল খাবলৈ বুলি ঘৰলে মাতি আনি ধৰ্ষণ কৰে৷ কালি বিয়লি ঘটিল এই জঘন্য ঘটনা৷ নিৰ্যাতিতা কন্যা গৰাকীৰ গুপ্তাংগত ৰক্তক্ষৰণ হোৱাত মাকক সকলো কথা বিৱৰি কোৱাত ঘটনাতো পোহৰলৈ আহে৷ মাতৃয়ে নাৰায়ণপুৰ আৰক্ষীৰ কাষ চপাত আৰক্ষীৰ সহযোগত যোৱাৰাতি লক্ষীমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ অত্যধিক ৰক্তক্ষৰণ হোৱাৰ লগতে যান্ত্ৰণাত চটফটাই থকা শিশুটিক বৰ্তমানেও চিকিৎসালয়খনত চিকিৎসা প্ৰদান কৰা হৈছে৷ ইফালে আৰক্ষীৰ ভয়ত ঘৰৰ পৰা পলায়ন কৰাৰ পাছত আজি পুৱা নাৰায়ণপুৰ আৰক্ষীয়ে ধৰ্ষণকাৰী উমেশ্বৰ বৰুৱাক আটক কৰিবলৈ সক্ষম হয় ৷ চাৰি পুত্ৰৰ পিতৃ উমেশ্বৰ বৰুৱাই ঘৰত পত্নী-পুত্ৰ-বোৱাৰী নথকাৰ সুবিধা লৈ সংঘটিত কৰে জঘন্য কাণ্ড৷ আনহাতে কন্যাশিশুটিৰ পিতৃ কৰ্মসুত্ৰে ৰাজ্যৰ বাহিৰত থাকে৷Body: নাৰায়ণপুৰত ষাঠি উৰ্দ্ধৰ বৃদ্ধই ধৰ্ষণ কৰিলে এগৰাকী ৬ বছৰীয়া কন্যা শিশুক৷ নাৰায়ণপুৰৰ বিলতীয়াত ঘটিল এই জঘন্য ঘটনা৷ গাঁওখনৰ উমেশ্বৰ বৰুৱা নামৰ বৃদ্ধটোৱে ঘৰত কোনো নথকাৰ সুবিধা লৈ ফুলকুমলীয়া কন্যা গৰাকীক কল খাবলৈ বুলি ঘৰলে মাতি আনি ধৰ্ষণ কৰে৷ কালি বিয়লি ঘটিল এই জঘন্য ঘটনা৷ নিৰ্যাতিতা কন্যা গৰাকীৰ গুপ্তাংগত ৰক্তক্ষৰণ হোৱাত মাকক সকলো কথা বিৱৰি কোৱাত ঘটনাতো পোহৰলৈ আহে৷ মাতৃয়ে নাৰায়ণপুৰ আৰক্ষীৰ কাষ চপাত আৰক্ষীৰ সহযোগত যোৱাৰাতি লক্ষীমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ অত্যধিক ৰক্তক্ষৰণ হোৱাৰ লগতে যান্ত্ৰণাত চটফটাই থকা শিশুটিক বৰ্তমানেও চিকিৎসালয়খনত চিকিৎসা প্ৰদান কৰা হৈছে৷ ইফালে আৰক্ষীৰ ভয়ত ঘৰৰ পৰা পলায়ন কৰাৰ পাছত আজি পুৱা নাৰায়ণপুৰ আৰক্ষীয়ে ধৰ্ষণকাৰী উমেশ্বৰ বৰুৱাক আটক কৰিবলৈ সক্ষম হয় ৷ চাৰি পুত্ৰৰ পিতৃ উমেশ্বৰ বৰুৱাই ঘৰত পত্নী-পুত্ৰ-বোৱাৰী নথকাৰ সুবিধা লৈ সংঘটিত কৰে জঘন্য কাণ্ড৷ আনহাতে কন্যাশিশুটিৰ পিতৃ কৰ্মসুত্ৰে ৰাজ্যৰ বাহিৰত থাকে৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
Last Updated : Jun 27, 2019, 6:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.