ETV Bharat / state

Junmoni Rabha Death case : শীৰ্ষ বিষয়াক তদন্তৰ আওতালৈ অনা দাবী মাছ'ৰ

author img

By

Published : May 20, 2023, 9:16 PM IST

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত বহু তথ্য পোহৰলৈ আহিছে (Mysterious death of Junmoni Rabha)। ঘটনা সংক্ৰান্তত কেইবাটাও গোচৰ ৰুজু হৈছে । অৱশ্যে ইয়াৰ আঁৰত উচ্চ পদস্থ বিষয়া জড়িত থকাৰ সন্দেহ মানৱ অধিকাৰ সংগ্রাম সমিতিৰ । সকলোকে তদন্তৰ আওতালৈ আনিব লাগে বুলিও দাবী কৰিছে সংগঠনটোৱে ।

Junmoni Rabha Death case
শীৰ্ষ বিষয়াক তদন্তৰ আওতালৈ অনা দাবী মাছ'ৰ

শীৰ্ষ বিষয়াক তদন্তৰ আওতালৈ অনা দাবী মাছ'ৰ

লখিমপুৰ,২০ মে': জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত ৰাখিছে (Junmoni Rabha Death case)। বিভিন্ন স্থানত ঘটনাৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ হোৱাও দেখা গৈছে । ইয়াৰ মাজতে ৪ গৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে । কিন্তু এই ঘটনাৰ আঁৰত উচ্চ পদস্থ বিষয়া জড়িত থকাৰ অভিযোগ মানৱ অধিকাৰ সংগ্রাম সমিতিৰ । সেইসকল বিষয়াকো তদন্তৰ আওতালৈ অনাৰ দাবী মানৱ অধিকাৰ সংগ্রাম সমিতিৰ ।

উল্লেখ্য যে নগাঁও আৰু লখিমপুৰত এই ঘটনা সন্দৰ্ভত চিআইডিৰ অভিযান চলি থকাৰ মাজতে শুকুৰবাৰে নগাঁও আৰু লখিমপুৰৰ ৪ গৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে (4 Police officers reserved closed)। নগাঁৱৰ দুজন আৰক্ষী বিষয়াৰ লগতে উত্তৰ লখিমপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা আৰু নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে । আটাইকেইজনকে তেওঁলোকৰ দায়িত্ব এৰি অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰা হৈছে ।

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (সদৰ) হৰমিৎ সিঙে তেওঁলোকক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰিছে । এক নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি জখলাবন্ধা আৰক্ষী থানাৰ ৮৪/২৩, নগাঁও আৰক্ষী থানাৰ ৪৪৩/২৩, জখলাবন্ধা আৰক্ষী থানাৰ ৮৭/২৩ আৰু উত্তৰ লখিমপুৰ আৰক্ষী থানাৰ ১৮৩/২০২৩ নম্বৰৰ গোচৰকেইটাৰ স্বচ্ছ তদন্তৰ স্বাৰ্থত আৰক্ষী বিষয়াকেইজনক মুখ্য কাৰ্যালয়ত তাৎক্ষণিকভাৱে হাজিৰ হ'বলৈ কোৱা হৈছে ।

আৰক্ষী আৰু চিআইডিৰ তদন্তৰ প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰি মানৱ অধিকাৰ সংগ্রাম সমিতিয়ে কয় যে কেৱল ভাৰপ্ৰাপ্ত বিষয়াৰ ওপৰত ব্যৱস্থা ল'লেই সকলো শেষ নহয় (MASS reacts over Junmoni death case)। আৰক্ষীৰ শীৰ্ষ বিষয়াসকলকো তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে মানৱ অধিকাৰ সংগ্রাম সমিতিৰ সচিব ৰাজু সিংহই । জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ লগতে নকল সোণ, জালনোট আদিৰ অবৈধ বেহাৰ ক্ষেত্রতো প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নাম সাঙোৰ খোৱা আৰক্ষীৰ উচ্চ পদস্থ সকলো বিষয়াৰ ওপৰতে তদন্ত কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে ।

লগতে লখিমপুৰ বঙালমৰা, যিটো কেৱল অসমৰে নহয় সমগ্র দেশজুৰি অবৈধ বেহাৰ অভিকেন্দ্ৰ ৰূপে চিনাক্ত হৈছে সেই অঞ্চলটোত শক্তিশালী অভিযান চলাই এনে অবৈধ বেহা সম্পূর্ণ উৎখাত কৰিবলৈও সংগঠনটোৰ সচিবে চৰকাৰক দাবী জনাইছে । জানিব পৰা মতে নকল সোণ আৰু জালনোট ব্যৱসায়ী চক্ৰক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ এটা ভাইৰেল অডিঅ' কলৰো আৰক্ষীয়ে তদন্ত কৰিব ।

বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আন এক নিৰ্দেশনাৰ জৰিয়তে হাছিনা বেগম নামৰ এগৰাকী মহিলা আৰু ৰুণা নেওগৰ ভাইৰেল অডিঅ' ক্লিপৰ তদম্ভ কৰিবলৈ অসম আৰক্ষীৰ মহাপৰিদৰ্শক (আইন-শৃংখলা) প্ৰশান্ত কুমাৰ ভূঞাক দায়িত্ব অর্পণ কৰিছে । ১০ দিনৰ ভিতৰত এই সন্দৰ্ভত তদন্ত প্রতিবেদন দাখিল কৰিব লাগিব ।

লগতে পঢ়ক :Junmoni Rabha death case updates: জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত চাৰি আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.