ETV Bharat / state

মাটি বিক্ৰী কৰা লোকেও চাকৰি বিচাৰি প্ৰতিবাদ কৰিলে LMCHত

author img

By

Published : Sep 16, 2022, 9:19 PM IST

মাটি বিক্ৰী কৰা লোকেও চাকৰি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিল LMCHত
মাটি বিক্ৰী কৰা লোকেও চাকৰি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিল LMCHত

নিযুক্তিক লৈ অথন্তৰ আঁতৰা নাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত(Recruitment scam in LMCH) ৷ চিকিৎসা মহাবিদ্যালয়খনত চাকৰি বিচাৰি এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে চিকিৎসা মহাবিদ্যালয়খনত স্থাপনৰ বাবে ভূমি বিক্ৰী কৰা পৰিয়ালসমূহে ৷

লখিমপুৰ, ১৬ ছেপ্টেম্বৰ: লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰী আৰু ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে চৌদিশ উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ চাকৰি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে । মেডিকেল কলেজখন স্থাপনৰ বাবে ভূমি দিয়া পৰিয়ালসমূহে শুকুৰবাৰে প্ৰতিবাদ জনাই উত্তাল কৰে মেডিকেল কলেজৰ চৌহদ ।

লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে । ইয়াৰ মাজতে এইবাৰ কলেজৰ সমীপৱৰ্তী ৰাইজৰ প্ৰতিবাদ । অৱশ্যে এই প্ৰতিবাদ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে নহয় (Recruitment scam in LMCH)। তেওঁলোকে চাকৰি বিচাৰিহে প্ৰতিবাদেৰে উত্তাল কৰে মেডিকেল কলেজৰ চৌহদ (Protest at Lakhimpur medical college)।

মাটি বিক্ৰী কৰা লোকেও চাকৰি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিল LMCHত

উল্লেখ্য যে, চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে সমীপৰ যিসকল লোকৰ মাটি ক্ৰয় কৰা হৈছিল তেওঁলোকৰ পৰিয়ালৰ এজনক যোগ্যতা অনুসৰি চাকৰি দিয়া হ’ব বুলি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল । পিছে বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়াত সেই প্ৰসংগ তল পৰিল (Lakhimpur medical college recruitment)। যাৰ বাবে শুকুৰবাৰে সমীপৱৰ্তী ৰাইজ ওলাই আহি কলেজখনৰ বহিঃবিভাগৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, মেডিকেল কলেজখনত প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত ভূমি বিক্ৰেতাসকলে কলেজখনৰ অধ্যক্ষক এখন স্মাৰক পত্ৰও প্ৰদান কৰে । আনহাতে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ দাবী জনায় স্থানীয় লোকসকলে ৷ অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক: গৰম বঢ়াৰ বাবেহে হেনো বিদ্যুৎ মাচুল বাঢ়িছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.