ভাওনাত মোহন-মুকুতাই কৰা বহুৱালিক লৈ প্ৰতিক্ৰিয়া লখিমপুৰৰ ভাওনা শিল্পী সমাজৰ

author img

By

Published : Oct 19, 2021, 4:03 PM IST

Lakhimpur Bhauna artist society reaction on Nagaon Bhauna issue

দুয়োজনা গুৰুৰ অনুপম সৃষ্টিক বিকৃত কৰি সমালোচিত হৈছে অসমীয়া জনপ্ৰিয় ধাৰাবাহিকৰ দুগৰাকী অভিনেতা । নগাঁৱত অনুষ্ঠিত হোৱা এখন ভাওনাত হাঁহিৰ খোৰাক যোগাবলৈ গৈ নিজ নিজ চৰিত্ৰক বিকৃতভাৱে ৰূপায়ণ কৰাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লখিমপুৰ জিলা ভাওনা শিল্পী সমাজেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

বিহপুৰীয়া, ১৯ অক্টোবৰ: অসমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আপুৰুগীয়া সৃষ্টিক চূড়ান্ত অপমান । ভাওনাৰ নাটত ধেমালিৰ ৰহন সানিবলৈ গৈ বিকৃত ৰূপত নাট পৰিৱেশন কৰিলে অসমীয়া জনপ্ৰিয় ধাৰাবাহিকৰ অভিনেতা দ্বীপজ্যোতি কেওট আৰু অস্বিনী ডেকাই । নীৰৱ দৰ্শক হৈ চাই থাকিল আয়োজকসকলো । এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লখিমপুৰৰ ভাওনা শিল্পী সমাজে ।

নগাঁও জিলাৰ পুৰণিগুদামৰ কাঁহুলি গাঁৱত অনুষ্ঠিত কৰা হৈছিল ভাওনা । "সমুদ্ৰ মন্থন" নামৰ নাটখন পৰিৱেশন কৰা হৈছিল । কিন্তু ৰেঙনি চেনেলত সম্প্ৰচাৰিত "বেহাৰবাৰী আউটপোষ্ট" নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ মোহন আৰু মুকুতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা ক্ৰমে দ্বীপজ্যোতি কেওট আৰু অস্বিনী ডেকাই বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰে । ইয়াৰ পাছতে বিৰ্তক আৰম্ভ হয় । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে অভিনেতা দুগৰাকীৰ এনে কাৰ্যক লৈ সমালোচনা কৰে ।

ভাওনাত মোহন-মুকুতাই কৰা বহুৱালিক লৈ প্ৰতিক্ৰিয়া লখিমপুৰৰ ভাওনা শিল্পী সমাজৰ

লখিমপুৰ জিলা ভাওনা শিল্পী সমাজেও তীব্ৰ এই কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ লখিমপুৰ জিলা ভাওনা শিল্পী সমাজৰ সভাপতি উপেন চন্দ্ৰ বৰুৱাই এই কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে অভিনেতা দুজনৰ লগতে উদ্যোক্তাসকলক অসমবাসীৰ ওচৰত নতশিৰে ক্ষমা খুজিবলৈ দাবী জনাইছে ৷ অন্যথা লখিমপুৰ জিলা ভাওনা শিল্পী সমাজে আইনৰ কাষ চাপিব বুলিও সকীয়াই দিছে ।

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে শিৱসাগৰৰ আমগুৰিতো ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰি এজন যুৱক সমালোচিত হ'বলগীয়া হৈছিল । পাচত নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিছিল যুৱকজনে । কেৱল হাঁহিৰ খোৰাক যোগাবলৈ গৈ ভাওনাক বিকৃত ৰূপ দিয়া কাৰ্যক কোনো অসমীয়াই সহজে মানি ল'ব নোৱাৰে । সেয়ে, এতিয়া দ্বীপজ্যোতি কেওট আৰু অস্বিনী ডেকাৰ কাৰ্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:ৰাজ্যত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিত জটিলতা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.