ৰাজ্যত অবৈধভাৱে চলিছে এঙাৰৰ ব্যৱসায়

author img

By

Published : Oct 3, 2021, 9:40 PM IST

ৰাজ্যত অবৈধ ভাৱে চলিছে এঙাৰৰ ব্যৱসায়

শনিবাৰে নিশা লখিমপুৰ জিলাত বন বিভাগৰ এক অভিযানত জব্দ হয় ৫০ বেগ এঙাৰ ভৰ্তি এখন বাহন । বনবিভাগৰ অভিযানকাৰী দলটোৱে বাহন খনৰ সৈতে চক্ৰটোত জড়িত এজনক আটক কৰিবলৈ সক্ষম হৈছে ৷

লখিমপুৰ,3 অক্টোবৰ : ক’লা হীৰা বা কয়লাৰ চোৰাং বেহাৰ খবৰে সততে সংবাদ শিৰোনাম দখল কৰি অহাৰ সময়তে এইবাৰ এঙাৰৰ অবৈধ বেহা পোহৰলৈ আহিছে । লখিমপুৰত ক'লা এঙাৰৰ ক'লা বেহাৰ কাণ্ড পোহৰলৈ আহিছে ।

জানিবপৰা মতে এটা অসাধু চক্ৰই সংৰক্ষিত বনাঞ্চলত মূল্যবান গছ-গছনি কাটি তৈয়াৰ কৰে এঙাৰ । তাৰপাছতে গোপনে তৈয়াৰ কৰা এঙাৰ বন বিভাগ আৰু আৰক্ষীৰ চকুত ধুলি দি বিভিন্ন স্থানলৈ সৰবৰাহ কৰে অসাধু চক্ৰটোৱে । যাৰফলত এই অবৈধ বেহাই প্ৰচুৰ পৰিমাণে বনাঞ্চল ধ্বংসত অৰিহণা যোগাইছে ।

ৰাজ্যত অবৈধ ভাৱে চলিছে এঙাৰৰ ব্যৱসায়

উল্লেখযোগ্য যে, শনিবাৰে নিশা লখিমপুৰ জিলাত বন বিভাগৰ এক অভিযানত জব্দ হয় ৫০ বেগ এঙাৰ ভৰ্তি এখন বাহন । বনবিভাগৰ অভিযানকাৰী দলটোৱে বাহন খনৰ সৈতে চক্ৰটোৱে জৰিত এজনক আটক কৰিবলৈ সক্ষম হৈছে ৷ জানিবপৰা মতে, শনিবাৰে পুৱতি নিশা তিনি মান বজাত পথালিপাম বনখণ্ডৰ বিট অফিচাৰ মতিন আহমেদৰ নেতৃত্বত চলোৱা এক অভিযানত এই এঙাৰ ভৰ্তি বাহন খন জব্দ কৰিবলৈ সক্ষম হয় ।

এ-এছ-০৭-বিচি-০২৫৪ নম্বৰৰ বাহন খনেৰে চোৰাং বেহাৰ লগত জড়িত লোকে দুলুং বনাঞ্চলৰ পৰা এঙাৰৰ বস্তা সমূহ কোনো অজ্ঞাত স্থানলৈ সৰবৰাহ কৰাৰ বাবে আনিছিল । ইপিনে গোপন খবৰৰ ভিত্তিত বনবিভাগে চলোৱা অভিযানত পদুমণিত ৫০ বেগ কয়লা ভৰ্তি বাহনখন জব্দ কৰি খণ্ডবন বিষয়াৰ কাৰ্যালয়লৈ লৈ আহে ।

জব্দ হোৱা বাহনখনৰ চালক তথা গৰাকী বাধাকৰাৰ মঙলা সোণোৱালৰ পুত্ৰ দিব্যজ্যোতি সোণোৱালক আটক কৰিছে বনৰক্ষীয়ে ৷ সম্প্ৰতি ক'লা হীৰা কয়লাৰ চোৰাং বেহাৰ পাছত এইবাৰ এঙাৰৰ ক'লা বেহাৰ খবৰে ৰাইজৰ চকু কপালত তুলিছে ।

লগতে পঢ়কঃ উপ-নিৰ্বাচনৰ বাবে দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ইউপিপিএলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.