ETV Bharat / state

লখিমপুৰত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাঃ মাধৱদেৱ কলাক্ষেত্ৰলৈ ৩১ কোটিৰ ঘোষণা

author img

By

Published : Aug 16, 2019, 11:23 AM IST

মাধৱদেৱ কলাক্ষেত্ৰলৈ ৩১ কোটি অনুদান

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰ কলাক্ষেত্ৰলৈ ৩১ কোটি মুকলি কৰি দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ৷ বৃহস্পতিবাৰে নাৰায়ণপুৰত উপস্থিত হৈ এই কথা জানিবলৈ দিয়ে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷


লখিমপুৰ, 16 আগষ্টঃ বৃহস্পতিবাৰে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত উপস্থিত হয় মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ৷ মাধৱদেৱ কলাক্ষেত্ৰলৈ ৩১ কোটি মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷২০০৭চনত আধাৰশিলা স্থাপন কৰা নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰকলৈ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ ৷ তেওঁৰ নেতৃত্বত অসম চৰকাৰে প্ৰথম পৰ্যায়ত ৩১ কোটি মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বৃহস্পতিবাৰে নাৰায়ণপুৰত উপস্থিত হৈ ঘোষণা কৰে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷

মাধৱদেৱ কলাক্ষেত্ৰলৈ ৩১ কোটি অনুদান

ইতিমধ্যে যোৱা বাজেট অধিবেশনত ১০ কোটি টকা অনুমোদন কৰা হৈছে বুলিও মন্তব্য কৰে শৰ্মাই ৷ লগতে কলাক্ষেত্ৰখনৰ নতুনকৈ নক্সা প্ৰদৰ্শন কৰে স্থাপত্যবিদ চিন্ময় ফুকন আৰু কৌশিক বৰাই ৷ উল্লেখ্য যে, অহা ১৮ মাহৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰিবলগীয়া মাধৱদেৱ কলাক্ষেত্ৰৰ সমিতিৰ সদস্যৰ দৰমহা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীজনে৷

Intro:প্ৰতিশ্ৰুতি পালন কৰি বৃহস্পতিবাৰে বিয়লি নাৰায়ণপুৰত উপস্থিত হয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ অংশগ্ৰহণ কৰে এক আড়ম্বপূৰ্ণ অনুষ্ঠানত৷ উদ্দেশ্য ২০০৭ চনতে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত আধাৰশিলা স্থাপন কৰা বহু প্ৰত্যাশিত মাধৱদেৱ কলাক্ষেত্ৰক সাকাৰৰূপ প্ৰদান কৰা৷ বিগত চৰকাৰৰ দিনত মুকলি কৰি দিয়া মাত্ৰ ৫ কোটি টকাৰে অতি মন্থৰগতিত কলাক্ষেত্ৰখনৰ কাম কৰি থকাৰ বিপৰীতে এইবাৰ মন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰথম পৰ্যায়ত ৩১ কোটি মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইতিমধ্যে যোৱা বাজেটত ১০ কোটি টকা অনুমোদন কৰা হৈছে৷ লগতে কলাক্ষেত্ৰধনৰ সম্পূৰ্ণ নক্সা প্ৰদৰ্শন কৰা পায় পাচ হাজাৰোধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানটোত৷
স্থাপত্যবীদ চিন্ময় ফুকন আৰু কৌশিক বৰাই প্ৰস্তুত কৰা নক্সাৰ প্ৰদৰ্শনৰ লগত উপস্থিত ৰাইজৰো পৰামৰ্শ গ্ৰহণ কৰা হয়৷
উল্লেখ্য যে, প্ৰাথমিকভাৱে অহা ১৮ মাহৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰিবলগীয়া মাধৱদেৱ কলাক্ষেত্ৰৰ সমিতিৰ দৰমহা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীজনে৷ শ্ৰীশ্ৰী বদলা সত্ৰৰ সত্ৰাধিকাৰে দান কৰা মাত্ৰ ৪৪ ( চৌৰাল্লিছ) বিঘা মাটিত কলাক্ষেত্ৰৰ কাম কৰি থকা হৈছে যদিও পৰৱৰ্তী সময়ত কাষৰীয়া ৰাইজৰ পৰা মূল্য প্ৰদানেৰে অধিক মাটি গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰা হয়৷
উক্ত অনুষ্ঠানত লগতে উপস্থিত থাকে সাংসদ পল্লব লোচন দাস, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দিবাকৰ চন্দ্ৰ ডেকা, বিহপুৰীয়া সমষ্টি বিধায়ক দেবানন্দ হাজৰিকা, গহপুৰৰ বিধায়ক উৎপল বৰা, প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, ৰিণিকি ভূঞা শৰ্মাৰ লগতে বেলগুৰি, বদলা, কমলাবাৰীৰ লগতে কেইবাধনো সত্ৰৰ সত্ৰাধিকাৰসকল৷

Body:প্ৰতিশ্ৰুতি পালন কৰি বৃহস্পতিবাৰে বিয়লি নাৰায়ণপুৰত উপস্থিত হয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ অংশগ্ৰহণ কৰে এক আড়ম্বপূৰ্ণ অনুষ্ঠানত৷ উদ্দেশ্য ২০০৭ চনতে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত আধাৰশিলা স্থাপন কৰা বহু প্ৰত্যাশিত মাধৱদেৱ কলাক্ষেত্ৰক সাকাৰৰূপ প্ৰদান কৰা৷ বিগত চৰকাৰৰ দিনত মুকলি কৰি দিয়া মাত্ৰ ৫ কোটি টকাৰে অতি মন্থৰগতিত কলাক্ষেত্ৰখনৰ কাম কৰি থকাৰ বিপৰীতে এইবাৰ মন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰথম পৰ্যায়ত ৩১ কোটি মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইতিমধ্যে যোৱা বাজেটত ১০ কোটি টকা অনুমোদন কৰা হৈছে৷ লগতে কলাক্ষেত্ৰধনৰ সম্পূৰ্ণ নক্সা প্ৰদৰ্শন কৰা পায় পাচ হাজাৰোধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানটোত৷
স্থাপত্যবীদ চিন্ময় ফুকন আৰু কৌশিক বৰাই প্ৰস্তুত কৰা নক্সাৰ প্ৰদৰ্শনৰ লগত উপস্থিত ৰাইজৰো পৰামৰ্শ গ্ৰহণ কৰা হয়৷
উল্লেখ্য যে, প্ৰাথমিকভাৱে অহা ১৮ মাহৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰিবলগীয়া মাধৱদেৱ কলাক্ষেত্ৰৰ সমিতিৰ দৰমহা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীজনে৷ শ্ৰীশ্ৰী বদলা সত্ৰৰ সত্ৰাধিকাৰে দান কৰা মাত্ৰ ৪৪ ( চৌৰাল্লিছ) বিঘা মাটিত কলাক্ষেত্ৰৰ কাম কৰি থকা হৈছে যদিও পৰৱৰ্তী সময়ত কাষৰীয়া ৰাইজৰ পৰা মূল্য প্ৰদানেৰে অধিক মাটি গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰা হয়৷
উক্ত অনুষ্ঠানত লগতে উপস্থিত থাকে সাংসদ পল্লব লোচন দাস, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দিবাকৰ চন্দ্ৰ ডেকা, বিহপুৰীয়া সমষ্টি বিধায়ক দেবানন্দ হাজৰিকা, গহপুৰৰ বিধায়ক উৎপল বৰা, প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, ৰিণিকি ভূঞা শৰ্মাৰ লগতে বেলগুৰি, বদলা, কমলাবাৰীৰ লগতে কেইবাধনো সত্ৰৰ সত্ৰাধিকাৰসকল৷

Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.