ETV Bharat / state

লখিমপুৰত গুৰু প্ৰণিপাত অনুষ্ঠান

author img

By

Published : Oct 4, 2022, 3:36 PM IST

Updated : Oct 4, 2022, 5:39 PM IST

lakhimpur
লখিমপুৰত গুৰু প্ৰণিপাত অনুষ্ঠান

ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাক লৈ উখল-মাখল পৰিৱেশ (Durga Puja 2022)। তাৰ মাজতে লখিমপুৰৰ পূৱ তেলাহী উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হৈছে গুৰু প্ৰণিপাত অনুষ্ঠানৰ । প্ৰাক্তন শিক্ষক, প্ৰয়াত শিক্ষকৰ পৰিয়ালক জনোৱা হৈছে সম্বৰ্ধনা ।

লখিমপুৰ,৪ অক্টোবৰ : চৌদিশে শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উলাহ দেখিবলৈ পোৱা গৈছে (Durga Puja celebration)। প্ৰতিটো মণ্ডপতে ভক্তৰ ভিৰ । দেৱী বন্দনাৰে মুখৰিত প্ৰতিটো মণ্ডপ, দেৱালয় আদি । ইয়াৰ মাজতে আকৌ লখিমপুৰত এক ব্যতিক্ৰমী কাৰ্যসূচী । নগৰৰ সমীপৰ খগা অঞ্চলৰ পূৱ তেলাহী উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় গুৰু প্ৰণিপাত শীৰ্ষক এক বিশেষ অনুষ্ঠান (Guru Pranipat program in Lakhimpur)।

বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র সন্মিলনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰাক্তন শিক্ষক, প্ৰয়াত শিক্ষকৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয়খনৰ চৌহদত থকা যোগেশ্বৰ শইকীয়া সোঁৱৰণী মঞ্চত শতাধিক প্ৰাক্তন শিক্ষক, প্ৰয়াত শিক্ষকৰ পৰিয়ালৰ লগতে মেধাৱী আৰু প্ৰতিষ্ঠিত একাংশ প্ৰাক্তন ছাত্রক সম্বৰ্ধনা জনোৱা হয় (Guru Pranipat program for teachers dedication)।

লখিমপুৰত গুৰু প্ৰণিপাত অনুষ্ঠান

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৰু বন্দনাৰে মুখৰিত হয় বিদ্যালয়ৰ চৌহদ । জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিৰন কুমাৰ বৰাই উদ্বোধন কৰা আৰু প্ৰাক্তন ছাত্র সন্মিলনৰ সভাপতি গোপাল হাজৰিকাই সভাপতিত্ব কৰা গুৰু প্ৰণিপাত শীৰ্ষক অনুষ্ঠানটোত বৈদিক বৈষ্ণৱ পণ্ডিত পুৰন্দৰ বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে । গুৰু প্ৰণিপাত শীৰ্ষক মূল অনুষ্ঠানটোৰ পূৰ্বে পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদিৰ লগতে প্ৰাক্তন ছাত্র স্মৃতি ভৱনৰো আধাৰশিলা স্থাপন কৰা হয় ।

লগতে পঢ়ক :মঙলদৈত নৱমী উপলক্ষে কুমাৰী পূজা

Last Updated :Oct 4, 2022, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.