মুক্তি যোদ্ধা চক্ৰ ভূঞাৰ দেহাৱসান; ৰাজ্যিক মৰ্যদাৰে সম্পন্ন শেষকৃত

author img

By

Published : Oct 19, 2021, 7:47 PM IST

মুক্তি যোদ্ধা চক্ৰ ভূঞাৰ দেহাৱসান, ৰাজ্যিক মৰ্যদাৰে সম্পন্ন শেষকৃত

দেশৰ স্বাধীনতাৰ সংগ্ৰামত অংশ লৈ চক্ৰ ভূঞাই দিছিল দেশাত্মবোধৰ পৰিচয় । যাৰ বাবে তেওঁ ব্ৰিটিছ চৰকাৰৰ নিৰ্যাতন ভোগ কৰিব লগীয়া হৈছিল । সেই গৰাকী মুক্তি যুঁজাৰু চক্ৰ ভূঞাই 95 বছৰ বয়সত পানীগাঁওস্থিত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে ।

লখিমপুৰ, ১৯ অক্টোবৰ: লখিমপুৰৰ পানীগাঁও নিবাসী মুক্তি যুঁজাৰু চক্ৰ ভূঞাৰ সোমবাৰে নিশা দেহাৱসান ঘটে । বাৰ্ধক্য জনিত ৰোগত তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । তাৰ পাছতে মঙলবাৰে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ২১ জাই টোপধ্বনি দি ৰাজ্যিক মৰ্যদাৰে তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হয় ।

উল্লেখযোগ্য যে, দেশৰ স্বাধীনতাৰ সংগ্ৰামত অংশ লৈ চক্ৰ ভূঞাই দিছিল দেশাত্মবোধৰ পৰিচয় । যাৰ বাবে তেওঁ ব্ৰিটিছ চৰকাৰৰ নিৰ্যাতন ভোগ কৰিব লগীয়া হৈছিল । সেই গৰাকী মুক্তি যুঁজাৰু চক্ৰ ভূঞাই 95 বছৰ বয়সত পানীগাঁওস্থিত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে ।

মুক্তি যোদ্ধা চক্ৰ ভূঞাৰ দেহাৱসান, ৰাজ্যিক মৰ্যদাৰে সম্পন্ন শেষকৃত

1927 চনৰ 10জুনত জন্মগ্ৰহণ কৰা ভূঞাই পানীগাঁও এমভিস্কুলত 58 বছৰ কাল শিক্ষকতাও কৰিছিল ৷ একেদৰে তেওঁ কৃতি শিক্ষক হিচাপে ৰাজ্য চৰকাৰৰ পৰা সন্মান বুটলিবলৈ সক্ষম হৈছিল ৷ সম্প্ৰতি তেওঁৰ মৃত্যুত সমগ্ৰ উত্তৰ অসমত পৰিছে শোকৰ ছাঁ পৰা দেখা গৈছে । সেইগৰাকী মুক্তি যুঁজাৰুৰ মঙলবাৰে ৰাজ্যিক মৰ্য্যাদাৰে শেষকৃত্য সম্পন্ন কৰে জিলা প্ৰশাসনে । জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে আদি কৰি বহুকেইগৰাকী শীৰ্ষ বিষয়া শেষকৃত্যথলীত উপস্থিত থাকে ।

শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি লখিমপুৰৰ উপায়ুক্তই এক সংগ্ৰামী সত্বাক সমাজে হেৰুৱালে বুলি শোক প্ৰকাশ কৰে । একেদৰে ভূঞাৰ মৃত্যুত মুক্তি যোদ্ধা সন্মিলনী, জিলা প্ৰশাসন, সমগ্ৰ উত্তৰ অসম বাসী ,ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে শোক প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী সহ এজন পুত্ৰ, দুগৰাকী কন্যা, বোৱাৰী, নাতি আদিকে ধৰি পৰিয়ালৰ ভিন্নজনক এই ইহসংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়কঃ উত্তৰাখণ্ডত প্ৰলয়ংকাৰী বানত ৮ জনৰ মৃত্যু: মুখ্যমন্ত্ৰী ধামীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.