অসুৰক্ষিতভাৱে চলিছে ঘাগৰ ঘাটৰ ফেৰী সেৱা

author img

By

Published : Sep 13, 2021, 1:51 PM IST

ferry-services-are-running-unsafely-at-ghagar-ghat

নিমাতীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ(Ferry Accident) পাচতো সচেতন হোৱা নাই একাংশ ৷ ঘটনাৰ পাচতো অসুৰক্ষিতভাৱে চলিছে ফেৰী সেৱা(Ferry Service)সমূহ ৷ চাওক এই বিশেষ প্ৰতিবেদন...

লখিমপুৰ, 13 ছেপ্তেম্বৰ : নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ(Ferry Accident) পাচতো অসুৰক্ষিতভাৱে চলি আছে ৰাজ্যৰ ফেৰী সেৱা(Ferry Service)সমূহ ৷ লখিমপুৰৰ ঘাগৰ ঘাটত(Ghagar Ghat) দেওবাৰে পৰিলক্ষিত হৈছে এই দৃশ্য ৷ ঘাগৰ ঘূনাসুঁতি ফেৰী সেৱাত এতিয়াও এনে বিপজ্জনক ব্যৱস্থা বাহাল আছে ৷

ferry-services
ঘাগৰ ঘাটৰ ফেৰী সেৱা

ফেৰীখনত 100 গৰাকী যাত্ৰীৰ বিপৰীতে আছে 12 টা মানহে লাইফ জেকেট । টিকটৰো নাই সু-ব্যৱস্থা । আনকি দুৰ্ঘটনাত পতিত হ’লে উদ্ধাৰৰ বাবে নাই কোনো সহায়কাৰী নাৱৰ ব্যৱস্থা । পাৰ ঘাটটোত এতিয়াও এনেদৰেই চলি আছে ফেৰী সেৱা । এই দৃশ্য প্ৰত্যক্ষ কৰি ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনৰ লগতে কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনীয়ে ৷

ferry-services
ঘাগৰ ঘাটৰ ফেৰী সেৱা

লগতে পঢ়ক: যাত্ৰীবাহী ভূটভূটি আৰু ফেৰী চলাচলত প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ

দেওবাৰে সন্মিলনীৰ এটা দলে ঘূনাসুঁতিৰ ফেৰী সেৱা ব্যবস্থা পৰিদৰ্শন কৰি যাত্ৰীৰ জীৱন সম্পত্তিক লৈ হেতালি নেখেলিবলৈ প্ৰশাসনক দাবী উত্থাপন কৰে ৷ লগতে এই ফেৰী সেৱা ব্যৱস্থা উন্নত কৰি তুলিবলৈ আহ্বান জনায় ৷

অসুৰক্ষিতভাৱে চলিছে ঘাগৰ ঘাটৰ ফেৰী সেৱা

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাই ৰাজ্যৰ লগতে দেশজুৰি সৃষ্টি কৰিছে উদ্বিগ্নতা ৷ ঘটনাৰ পাচতে চৰকাৰে জল পৰিবহন ব্যৱস্থা সম্পূর্ণৰূপে সুৰক্ষিত কৰাৰ নিৰ্দেশনা জাৰি কৰে ৷ কিন্তু তেনে সময়তো একাংশ ঘাটত এতিয়াও অসুৰক্ষিতভাৱে চলি আছে ফেৰীসেৱা । ইয়াকে লৈ শংকিত হৈ পৰিছে সচেতন ৰাইজ ৷

লগতে পঢ়ক: অসমত স্থাপন কৰা হ'ব ৪০০ টা 'বন-ধন বিকাশ কেন্দ্ৰ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.