ETV Bharat / state

লখিমপুৰত জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 12:54 PM IST

Sanskritik Mahasangram
লখিমপুৰত জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা আৰম্ভ

Sanskritik Mahasangram: লখিমপুৰ জিলাত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা ।

লখিমপুৰত জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা আৰম্ভ

লখিমপুৰ, ১৭ জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা । চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰম্ভ হোৱা এই প্ৰতিযোগিতা লানি লখিমপুৰত গাঁও পঞ্চায়ত, বিধানসভা সমষ্টি ভিত্তিত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হোৱাৰ পিচত তিনিদিনীয়াকৈ জিলা পৰ্যায়ত তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৷

লখিমপুৰ নগৰৰ সমীপৰ আহুচাউল গাও ৰংগমঞ্চত এই জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখন আৰম্ভ হয় । প্ৰতিযোগিতাখনত আদৰণি ভাষণ দিয়ে জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই । প্ৰতিযোগিতাখন উদ্বোধন কৰি স্থানীয় বিধায়ক মানৱ ডেকাই ৰাজ্যৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷ দেশৰ কোনো ৰাজ্যত নোহোৱা এনে পৰিৱেশৰ বাবে মুখ্যমন্ত্রীৰ শলাগ লয় বিধায়ক ডেকাই ।

তেওঁ কয় যে, অসমত যি সাংস্কৃতিক আৰু ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠিছে সেইয়া আন কোনো ৰাজ্যত নাই । ক্ৰীড়া আৰু সাংস্কৃতিক দিশত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰিছে তাৰ বাবে মুখ্যমন্ত্রী ধন্যবাদৰ পাত্ৰ । অসমৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্রত প্ৰতিভা বিকাশ কৰাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে উদ্যোগ লৈ আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় পৰ্যায় দখলৰ সম্ভাৱনা মুকলি কৰিছে । জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত সফল হোৱা প্ৰতিভাবান খেলুৱৈসকল ক্ৰমে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাব বুলি আশাবাদী ডেকা ।

লক্ষণীয় যে, যোৱা 1 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ বিধানসভা সমষ্টি এলেকাত আৰু জিলা পৰ্যায়ত 2 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ অনুষ্ঠিত হৈছে । এই প্ৰতিযোগিতাত 6 টা সাংস্কৃতিক শাখাৰ প্ৰায় 13 লাখ 60 হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: ধেমাজিত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.