ETV Bharat / state

নীৰৱতা ভংগ কৰি প্ৰচাৰত নামিল বিধায়ক দেবানন্দ হাজৰিকা

author img

By

Published : Mar 23, 2021, 12:36 PM IST

বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী অমীয় কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল বিধায়ক দেবানন্দ হাজৰিকা ৷ কিছুদিন পূৰ্বে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা বাবে নীৰৱতা অৱলম্বন কৰিছিল বিধায়ক দেবানন্দ হাজৰিকাই ৷

নীৰৱতা ভংগ কৰি প্ৰচাৰত নামিল বিধায়ক দেবানন্দ হাজৰিকা
নীৰৱতা ভংগ কৰি প্ৰচাৰত নামিল বিধায়ক দেবানন্দ হাজৰিকা

বিহপুৰীয়া,23 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী অৱস্থাত নীৰৱতা ভংগ কৰি বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী অমীয় কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ওলাই আহিল বিধায়ক দেবানন্দ হাজৰিকা । সমষ্টিটোত অনুষ্ঠিত হোৱা কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে সংগ দিলে দলীয় প্ৰাৰ্থীগৰাকীক ৷

নীৰৱতা ভংগ কৰি প্ৰচাৰত নামিল বিধায়ক দেবানন্দ হাজৰিকা

প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰি আছিল বিধায়ক দেবানন্দ হাজৰিকাই । পূৰ্বে অনুষ্টিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰা নাছিল বিধায়ক গৰাকীয়ে ৷ ইয়াকে লৈ বিহপুৰীয়া সমষ্টিত বিষয়টোৱে চৰ্চা লাভ কৰিছিল ৷

আনহাতে, বিধায়ক দেবানন্দ হাজৰিকাক সংগী হিচাপে পাই উৎফুল্লিত হৈ পৰা অমিয় কুমাৰ ভূঞাই লক্ষাধিক ভোটত জয়ী হ'ব বুলি সাংবাদিকৰ আগত ঘোষণা কৰে ।

লগতে পঢ়কঃ স্বাভিমানী ৰাইজে বিবেক বিক্ৰী নকৰে: লুৰিণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.