ETV Bharat / state

নাৰায়ণপুৰৰ ৰাধাপুখুৰীত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 18, 2021, 12:04 PM IST

নাৰায়ণপুৰৰ ঐতিহাসিক ৰাধাপুখুৰীত মৃতদেহ উদ্ধাৰ ৷ ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো ৷ নাৰায়ণপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ৷

deadbody recovered at radhapukhuri in narayanpur
নাৰায়ণপুৰৰ ৰাধাপুখুৰীত মৃতদেহ উদ্ধাৰ

বিহপুৰীয়া, 18 জুন: লখিমপুৰৰ নাৰায়ণপুৰৰ ঐতিহাসিক ৰাধাপুখুৰীত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ঐতিহাসিক পুখুৰীটোৰ পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয় ৷

deadbody recovered at radhapukhuri in narayanpur
ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো

প্ৰাপ্ত তথ্য অনুসৰি, মৃতদেহটো পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ ইয়াৰ পাচতে নাৰায়ণপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰৰ ব্যৱস্থা কৰে ৷

পৰৱৰ্তী সময়ত মৃতদেহটো স্থানীয় হাৰমতি ফাকুৱা গাঁৱৰ সোমেশ্বৰ ফুকনৰ বুলি চিনাক্ত কৰা হয় ৷ জানিব পৰা মতে সোমেশ্বৰ ফুকন নামৰ বিবাহিত লোকজন বিগত তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল ৷

লগতে পঢ়ক: গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.