ETV Bharat / state

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ'ণাৰ ভয়াবহতা

author img

By

Published : Apr 10, 2021, 9:52 PM IST

ৰাজ্যত পুনৰ ক'ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু প্ৰশাসন । ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰটো বাধ্যতামূলক হিচাপে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ক'ভিড-19 ৰ পৰীক্ষা। নাৰায়ণপুৰৰ ধলপুৰ আৰক্ষী চকীৰ সমুখত স্বাস্থ্য বিভাগৰ এটা দলে বাহৰ পাতি আজিৰে পৰা আৰম্ভ কৰিছে ক'ভিড টেষ্ট ।

covid-cases-increases-in-the-state
ৰাজ্যত পুণৰ বৃদ্ধি পাইছে কৰ'ণাৰ ভয়াবহতা

বিহপুৰীয়া, 10 এপ্ৰিল : ৰাজ্যত পুনৰ ক'ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু প্ৰশাসন । ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰটো বাধ্যতামূলক হিচাপে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ক'ভিড-19 ৰ পৰীক্ষা । নাৰায়ণপুৰৰ ধলপুৰ আৰক্ষী চকীৰ সমুখত স্বাস্থ্য বিভাগৰ এটা দলে বাহৰ পাতি আজিৰে পৰা আৰম্ভ কৰিছে ক'ভিড টেষ্ট ।

ৰাজ্যত পুণৰ বৃদ্ধি পাইছে কৰ'ণাৰ ভয়াবহতা

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাহিৰৰ পৰা প্ৰবেশ কৰা যান-বাহনসমূহ আৰক্ষীৰ সহযোগত ৰখাই চালক আৰু যাত্ৰীসকলক ৰেপিড টেষ্ট কৰিছে স্বাস্থ্য বিভাগে । উল্লেখ্য যে, শনিবাৰে নাৰায়ণপুৰত ধ্ৰুবজ্যোতি বৰা নামৰ এজন যুৱকৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে । মহাৰাষ্ট্ৰত কৰ্মৰত যুৱকজন শুক্ৰবাৰে নাৰায়ণপুৰৰ পদ্মপুৰৰ নিজ ঘৰলৈ আহিছিল । বৰ্তমান যুৱকজনক হোম কোৱাৰেন্টাইনত ৰখা হৈছে ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰত তিনি সপ্তাহৰ লক ডাউন ঘোষণাৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.