নৱবৰ্ষৰ পুৱাই লখিমপুৰত দৰিদ্ৰ লোকক শীতৰ বস্ত্ৰ বিতৰণ

author img

By

Published : Jan 1, 2022, 5:04 PM IST

Updated : Jan 1, 2022, 5:28 PM IST

cloth distribution at lakhimpur
নৱবৰ্ষৰ পুৱাই হাতে হাতে বস্ত্ৰলৈ পদপথত একাংশ হৃদয়ৱান লোক ()

2022 বৰ্ষৰ প্ৰথমটো দিনতেই হাতে-হাতে বস্ত্ৰলৈ পদপথলৈ উলাই আহিল লখিমপুৰত একাংশ হৃদয়ৱান লোক ৷ উদ্দেশ্য পদপথত বসবাস কৰা লোকসকলস সামান্য সকাহ দিয়া(Cloth distribution at lakhimpur) ৷

লখিমপুৰ, ১ জানুৱাৰী : আজি 2022 বৰ্ষৰ প্ৰথমটো দিন (First Day of New Year 2022) ৷ বছৰটো সুকলমে পাৰ কৰাৰ উদ্দেশ্যে বছৰৰ পহিলা দিনটোতে ভগৱানৰ আশীষ বিচাৰি মঠ-মন্দিৰত ভীৰ কৰিছে বহু লোকে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ 2022 বৰ্ষৰ পহিলা দিনটোত লখিমপুৰৰ বিভিন্ন মঠ-মন্দিৰটো ভক্তৰ সমাগম পৰিলক্ষিত হয় ৷

cloth distribution at lakhimpur
2022 বৰ্ষৰ প্ৰথমটো দিন

ইয়াৰ মাজতে নৱ বৰ্ষৰ প্ৰথম দিনটোতেই লখিমপুৰত একাংশ হৃদয়ৱান লোকে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ ৷ কোনো দল-সংগঠনৰ বিপৰীতে ব্যক্তিগত প্ৰচেষ্টাত লখিমপুৰৰ একাংশ সচেতন লোকে পদপথত বসবাস কৰা লোকসকলৰ মাজত বিতৰণ কৰে কম্বল (Cloth distribution at Lakhimpur) ৷ এইসকল সচেতন লোকৰ একমাত্ৰ উদ্দেশ্য দৰিদ্ৰ তথা পদপথত বসৱাস কৰা লোকসকলক সামান্য সকাহ দিয়া ৷

নৱবৰ্ষৰ পুৱাই হাতে হাতে বস্ত্ৰলৈ পদপথত একাংশ হৃদয়ৱান লোক

বছৰ জোৰা ব্যস্ততাৰ অন্ত পেলাই নৱবৰ্ষৰ প্ৰথমটো দিন সপৰিয়ালে উপভোগ্য কৰাত ব্যস্ত হৈ পৰে প্ৰতিগৰাকী ব্যক্তি । মঠ মন্দিৰৰ পৰা বনভোজ থলীলৈকে সকলোতে আনন্দ উলাহত মতলীয়া হৈ পৰে সকলো । কিন্তু ইয়াৰ মাজতে পদপথত বসবাস কৰা লোকসকলে এসাজ অন্ন, এযোৰ বস্ত্ৰৰ বাবে কৰি থাকিব লগীয়া হয় যুঁজ ৷ কি নতুন বছৰ অথবা কি পুৰণি বছৰ, পদপথত বসবাস কৰা লোকসকলে প্ৰতিটো বছৰ, প্ৰতিটো ক্ষণতে কৰি থাকে হাহাকাৰ ৷ জাৰকালি হাড় কপোৱা শীতত শৰীৰত লবলৈও নাথাকে এখন গৰম কাপোৰ ৷

সেয়েহে এইসকল দুৰ্ভগীয়া লোকক এখনি গৰম বস্ত্ৰ যোগান ধৰাৰ উদ্দেশ্যে লখিমপুৰৰ একাংশ সমাজ সচেতন লোকে নগৰৰ পদপথ, মন্দিৰৰ সন্মুখত আদি স্থানত বাস কৰা লোকসকলৰ মাজত বিতৰণ কৰিলে বস্ত্ৰ । নৱবৰ্ষৰ প্ৰথমটো দিনতেই অকনমান আদৰ লাভ কৰি যে ক্ষন্তেকৰ বাবে আনন্দত আত্মহাৰা হৈ পৰে পদপথত বসবাস কৰা এইসকল লোক ৷

লগতে পঢ়ক : Picnic Party on Last Day of 2021: বছৰৰ অন্তিমটো দিনত কাইফ'লাংচ জলপ্ৰপাতত ভিৰ বনভোজ দলৰ

Last Updated :Jan 1, 2022, 5:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.