ETV Bharat / state

লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 72% গৃহ নির্মাণ সম্পূৰ্ণ

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 8:51 AM IST

press meet on pmay scheme
লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সংবাদমেল

লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫০ হাজাৰৰো অধিক আৱাস গৃহ নির্মাণ । ইফালে প্ৰায় ২০ হাজাৰ ঘৰ নিৰ্মাণৰত অৱস্থাত আছে । লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে সদৰী কৰে এই তথ্য ।

লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সংবাদমেল

লখিমপুৰ, 7 ডিচেম্বৰ : লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫০ হাজাৰৰো অধিক আৱাস গৃহ নির্মাণ সম্পূর্ণ কৰা হৈছে । আনহাতে প্ৰায় ২০ হাজাৰ ঘৰ নিৰ্মাণৰত অৱস্থাত আছে । বুধবাৰে লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে সংবাদমেল যোগে এই তথ্য সদৰী কৰে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লখিমপুৰ জিলাত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৫০ হাজাৰৰো অধিক আৱাস গৃহ নিৰ্মাণ সম্পূর্ণ কৰা হৈছে । জিলাখনত এই পৰ্যন্ত ৫০ হাজাৰ ৩৪৯ টা আৱাস গৃহ নির্মাণ সম্পূর্ণ কৰাৰ উপৰিও ১৯ হাজাৰ ৭৪৮ টা আৱাস গৃহ নিৰ্মীয়মাণ অৱস্থাত আছে ।

জিলাখনলৈ আৱন্টন হোৱা ৭০ হাজাৰ ৯৭ টা আৱাস গৃহৰ ভিতৰত ইতিমধ্যে ৫০ হাজাৰ ৭৪৮ টা আৱাস গৃহ নির্মাণ সম্পূর্ণ কৰা হৈছে । বুধবাৰে লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰী কৰে । তেওঁ বিতং তথ্য দাঙি ধৰি কয় জিলাখনৰ বিহপুৰীয়া উন্নয়ন খণ্ডৰ এলেকাত আৱন্টন হোৱা ২ হাজাৰ ৬৮১ টা ঘৰৰ ভিতৰত ১ হাজাৰ ৮৯১ টাৰ ইতিমধ্যে নিৰ্মাণ সম্পূর্ণ হৈছে । তেনেদৰে বগীনদী উন্নয়ন খণ্ডৰ এলেকাত আৱন্টন হোৱা ৮ হাজাৰ ৮৪৪ টা ঘৰৰ ৬ হাজাৰ ৭০০শ টা, ঢকুৱাখনা উন্নয়ন খণ্ড এলেকাত আৱন্টন হোৱা ১০ হাজাৰ ৯৭৭ টা ঘৰৰ ৭ হাজাৰ ৬৮৯ টা, ঘিলামৰা উন্নয়ন খণ্ড এলেকাত আৱন্টন হোৱা ৭ হাজাৰ ৫৭১ টা ঘৰৰ ৫ হাজাৰ ৭৭৮ টা, কৰুণাবাৰী উন্নয়ন খণ্ড এলেকাত আৱন্টন হোৱা ১৯ হাজাৰ ৭৬ টা ঘৰৰ ৮ হাজাৰ ৫ শ টা, লখিমপুৰ উন্নয়ন খণ্ড এলেকাত আৱন্টন হোৱা ৫ হাজাৰ ৬৫৪ টা ঘৰৰ ভিতৰত ৩ হাজাৰ ৮১৮ টা, নাৰায়ণপুৰ উন্নয়ন খণ্ড এলেকাত আৱন্টন হোৱা ৯ হাজাৰ ২১৪ টা ঘৰৰ ভিতৰত ৬ হাজাৰ ২ টা, নাওবৈচা উন্নয়ন খণ্ড এলেকাত আৱন্টন হোৱা ৯ হাজাৰ ২৭৭ টা ঘৰৰ ভিতৰত ৬ হাজাৰ ৫৪৭ টা আৰু তেলাহী উন্নয়ন খণ্ড এলেকাত আৱন্টন হোৱা ৫ হাজাৰ ৮০৩ টা ঘৰৰ ভিতৰত ৩ হাজাৰ ৯১৯ টা ঘৰৰ নিৰ্মাণ সম্পূর্ণ কৰা হৈছে ।

জিলাখনত ৭২ শতাংশ ঘৰ নিৰ্মাণ সম্পূর্ণ হোৱা বুলিও তেওঁ সংবাদমেল জানিবলৈ দিয়ে । উল্লেখ্য যে, এই আঁচনিৰ অধীনত গৃহ নির্মাণৰ বাবে হিতাধিকাৰীয়ে ১ লাখ ৫২ হাজাৰ ৬১০ টকা লাভ কৰে । সংবাদমেলখনত তেওঁ একাংশ হিতাধিকাৰীয়ে সময়মতে ঘৰ নিৰ্মাণ সম্পূর্ণ নকৰাৰ বাবে পৰৱৰ্তী আৱন্টনৰ ক্ষেত্ৰত কিছু অসুবিধা দেখা দিয়া বুলি উল্লেখ কৰি এই সন্দৰ্ভত সকলোৰে সজাগতা কামনা কৰে । কেন্দ্ৰীয় এই আঁচনিখন ৰূপায়ণৰ বেলিকা অনিয়মৰ অভিযোগ পালে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও বিষয়াজনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ৩১ ডিচেম্বৰৰ ভিতৰত PMAYৰ আধৰুৱা গৃহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.