ETV Bharat / state

বগীনদীৰ খহনীয়াই ভাবুকি মাতিছে ৰতনপুৰলৈ

author img

By

Published : Sep 16, 2020, 8:33 PM IST

লখিমপুৰৰ বগীনদীৰ কৰাল গ্ৰাসত ৰতনপুৰ নেপালী গাঁও ৷ নদীখনৰ অব্যাহত থকা খহনীয়াৰ ফলত জাহ যোৱাৰ উপক্ৰম হৈছে গাঁওখন ৷

Boginodi Erosion in Lakhimpur Assam etv bharat news
খহনীয়া অব্যাহত

লখিমপুৰ,16 ছেপ্তেম্বৰ: খৰস্ৰোতা বগীনদীয়ে কালৰূপ ধাৰণ কৰিছে লখিমপুৰত ৷ বানৰ আতংক হ্ৰাস হোৱাৰ পিছতো ৰাজ্যৰ কোনো কোনো অংশত অব্যাহত আছে প্ৰবল খহনীয়া ৷ লখিমপুৰত বগীনদীৰ খহনীয়াৰ কবলত পৰি উছন হোৱাৰ উপক্ৰম ঘটিছে 2 নং ৰতনপুৰ নেপালী গাঁও ৷ ইতিমধ্যে নৈখনৰ খহনীয়াত জাহ গৈছে কেইবাটাও বাসগৃহৰ লগতে বৃহৎ পৰিমাণৰ কৃষি ভূমি । বৃহত্তৰ অঞ্চলটোৰ ৰাইজক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক এতিয়া কৰযোৰে আহ্বান কৰিছে গাঁওবাসীয়ে ৷

খহনীয়া অব্যাহত

লগতে চাওকঃ এফালে বিত্তীয় সংকট,আনফালে চৰকাৰ হাজাৰ কোটি টকীয়া আচঁনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.