ETV Bharat / state

প্ৰাৰ্থীত্ব কেন্দ্ৰিক প্ৰতিবাদত উত্তাল নাওবৈচা

author img

By

Published : Mar 5, 2021, 8:24 PM IST

প্ৰাৰ্থীত্ব কেন্দ্ৰিক প্ৰতিবাদত উত্তাল নাওবৈচা
প্ৰাৰ্থীত্ব কেন্দ্ৰিক প্ৰতিবাদত উত্তাল নাওবৈচা

নাওবৈচাত পঞ্চায়তে পঞ্চায়তে বিজেপি কৰ্মী-সমৰ্থকৰ প্ৰতিবাদ । মিত্ৰজোঁটৰ হৈ অগপ'ৰ জয়ন্ত খাউণ্ডক প্ৰাৰ্থীত্ব দিয়াৰ বিৰোধিতাৰে পঞ্চায়তে পঞ্চায়তে বিজেপি কৰ্মকৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে ।

নাওবৈচা,৫ মাৰ্চ: বুধবাৰৰ পৰাই প্ৰাৰ্থীত্ব কেন্দ্ৰিক প্ৰতিবাদত উত্তাল হৈ আছে নাওবৈচাৰ পৰিৱেশ । বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অগপ-বিজেপি মিত্ৰজোঁটৰ মাজত সমষ্টি ভাগ বটোৱাৰাক কেন্দ্ৰ কৰি তীব্ৰ মতানৈক্য আৰু ক্ষোভৰ সৃষ্টি হৈছে । ১১০ নং নাওবৈচা বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জয়ন্ত খাউণ্ডক টিকট প্ৰদানৰ বিৰোধিতাৰে শুকুৰবাৰেও নাওবৈচাৰ পঞ্চায়তে পঞ্চায়তে বিজেপি কৰ্মী আৰু একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শুকুৰবাৰে নাওবৈচা সমষ্টিৰ অধীনস্থ ডিজু, ৰামপুৰ-বগীবিল,পহুমৰা আৰু পশ্চিম নাওবৈচা পঞ্চায়তত বিজেপিৰ কৰ্মী তথা সমৰ্থকে জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্বৰ বিৰোধীতাৰে তীব্র প্ৰতিবাদ সাৱ্যস্ত কৰে ।

প্ৰাৰ্থীত্ব কেন্দ্ৰিক প্ৰতিবাদত উত্তাল নাওবৈচা

জানিব পৰা মতে অগপ আৰু বিজেপিয়ে আসন বুজাবুজিৰে নাওবৈচা সমষ্টিটো এইবাৰ অগপ দলক এৰি দিছে ৷ এই খবৰ বিয়পি পৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে নাওবৈচা সমষ্টিৰ বিজেপিৰ দুই মণ্ডল সমিতি, যুৱ মৰ্চা,মহিলা মৰ্চা তথা বিভিন্ন জনজাতীয় মৰ্চাৰ বিষয়ববীয়াসকল ৷ অগপৰ লগত আসন বুজাবুজি নাওবৈচাত কোনো কাৰণতে মানি লোৱা নহ'ব বুলি দাবী উত্থাপন কৰে বিজেপি কৰ্মীসকলে । বিজেপি দলৰ শীর্ষ নেতৃত্বক পুনৰবাৰ বিবেচনা কৰি নাওবৈচাত বিজেপি দলৰ প্ৰাৰ্থী দিয়াৰ ব্যৱস্থা কৰিবলৈ কৰ্মকৰ্তাসকলে দাবী জনায়। অন্যথা নাওবৈচা বিজেপিৰ কৰ্মকৰ্তাই সমাগত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাব বুলিও ভাবুকি প্ৰদান কৰে ।

লগতে পঢ়ক:একেটা দিনতে মাঞ্জা-ডিলাইত ১০ লক্ষাধিক টকা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.