ETV Bharat / state

নাওবৈচাত মিত্ৰজোঁটৰ প্ৰাৰ্থীত্বকলৈ অসন্তুষ্ট বিজেপি কৰ্মী

author img

By

Published : Mar 4, 2021, 4:19 PM IST

নাওবৈচাত মিত্ৰজোঁটৰ প্ৰাৰ্থীত্বকলৈ অসন্তুষ্ট বিজেপি কৰ্মী
নাওবৈচাত মিত্ৰজোঁটৰ প্ৰাৰ্থীত্বকলৈ অসন্তুষ্ট বিজেপি কৰ্মী

মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি কৰ্মীৰ । অগপক নাওবৈচা সমষ্টি এৰি দিলে বিজেপি কৰ্মীয়ে বিকল্প সৃষ্টি কৰাৰ হুংকাৰ দিয়ে ।

নাওবৈচা,৪মাৰ্চ: অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ মুহূৰ্তত নাওবৈচাৰ বিজেপি কৰ্মীৰ মাজত এতিয়া ব্যাপক ক্ষোভ দেখিবলৈ গৈছে । একপ্ৰকাৰ সমষ্টিটোত আৰম্ভ হৈছে বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত । বুধবাৰে সন্ধিয়া নাওবৈচা আৰু কৰুণাবাৰী মণ্ডল বিজেপিয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্বৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত বৃহস্পতিবাৰেও নাওবৈচাত প্ৰতিবাদত নামিল শতাধিক বিজেপি কৰ্মী । কোনো কাৰণতে অগপক সমষ্টিটো এৰি নিদিয়াৰ হুংকাৰ দি শ্লোগান দিলে অগপৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী জয়ন্ত খাউণ্ডৰ বিৰুদ্ধে ।

নাওবৈচাত মিত্ৰজোঁটৰ প্ৰাৰ্থীত্বকলৈ অসন্তুষ্ট বিজেপি কৰ্মী

আগন্তক সময়ত যদি অগপক সমষ্টিটো এৰি দিয়া হয় তেতিয়াহলে সমষ্টিটোত নতুন বিকল্প সৃষ্টিৰ হুংকাৰ দিয়ে বিজেপি কৰ্মীসকলে । মুঠতে যিকোনো প্ৰকাৰে নাওবৈচাৰ বিজেপি কৰ্মী সকলে সমৰ্থন নকৰে অগপৰ প্ৰাৰ্থীক এই হুংকাৰ বিজেপি কৰ্মীৰ ।


লগতে পঢ়ক:বৰলুইতৰ নৌকা ৰেষ্টুৰেন্ট 'কাঞ্চনজংঘা'ৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.